কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ
চৰকাৰী সেৱাক নাগৰিকৰ দুৱাৰমুখলৈ নিবলৈ বিচৰা হৈছে ঃ মুখ্যমন্ত্ৰী বৰ্তমান চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে তাক নিৰ্দিষ্ট সময়ত পালন কৰে ঃ ড॰ শৰ্মা মুখ্যমন্ত্ৰীক কামাখ্যা দেৱালয়ৰ আটাইতকৈ পুৰণি ভূমি নথি উপহাৰ জিলা আয়ুক্তৰ গুৱাহাটী, ১৯ আগষ্ট (হি.স.)। মুখ্য
কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ


চৰকাৰী সেৱাক নাগৰিকৰ দুৱাৰমুখলৈ নিবলৈ বিচৰা হৈছে ঃ মুখ্যমন্ত্ৰী

বৰ্তমান চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে তাক নিৰ্দিষ্ট সময়ত পালন কৰে ঃ ড॰ শৰ্মা

মুখ্যমন্ত্ৰীক কামাখ্যা দেৱালয়ৰ আটাইতকৈ পুৰণি ভূমি নথি উপহাৰ জিলা আয়ুক্তৰ

গুৱাহাটী, ১৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে৷

কামৰূপ মহানগৰ জিলাৰ প্ৰশাসন ব্যৱস্থা অধিক সু-শৃংখলিত আৰু জনমুখী কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে প্ৰায় ১২,৭০০ বৰ্গমিটাৰ বিশাল এলেকা সামৰি ৮১.২০ কোটি টকা ব্যয়েৰে জিলা আয়ুক্তৰ এই সংহত কাৰ্যালয় ভৱনটো নিৰ্মাণ কৰা হৈছে৷ তিনিমহলীয়া ভৱনটো ভৱিষ্যতে প্ৰয়োজন অনুসৰি আৰু দুটা মহলালৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থাও ৰখা হৈছে৷ ২০২৩ চনৰ ৫ জানুৱাৰীত ‘বিকাশৰ বাবে এদিন’ কাৰ্যসূচীৰ অন্তৰ্গত ৰূপনগৰত জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনটো নিৰ্মাণৰ শিলান্যাস কৰা হৈছিল৷ সেউজ শক্তিক প্ৰাধান্য দি এই ভৱনত ৩৫০ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি ব্যৱস্থা সংস্থাপন কৰা হৈছে, য’ত অতিৰিক্ত আৰু ১০০ কিলোৱাট সংযোজন কৰাৰ সুবিধাও মুকলি ৰখা হৈছে৷

উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এসময়ত পাণবজাৰত থকা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো যথেষ্ট সৰু আছিল আৰু ব্ৰহ্মপুত্ৰ নদীপাৰ মুকলি কৰাৰ স্বাৰ্থত ইয়াক সাময়িকভাৱে হেঙেৰাবাৰীলৈ স্থানান্তৰ কৰা হৈছিল৷ ২০২৩ চনৰ ৫ জানুৱাৰীত পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই ৰূপনগৰত এটা আহল-বহল সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ শিলান্যাস কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেইদিনা ‘বিকাশৰ বাবে এদিন’ কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাত প্ৰায় ২ হাজাৰ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীযা ৭ টা প্ৰকল্পৰ শিলান্যাস কৰা হৈছিল৷ এই প্ৰকল্পকেইটাৰ ভিতৰত খাৰঘুলিত নিৰ্মাণ কৰা নতুন ৰাজভৱন, খানাপাৰাত নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱন, ৫০০০ আসনবিশিষ্ট জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলাকেন্দ্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰা ৮০০ আসন বিশিষ্ট শ্ৰীশ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ইতিমধ্যে ৰাইজৰ সেৱাত উচৰ্গা কৰা হৈছে৷ আনহাতে, বেতকুছিত নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় চৌহদ আৰু গুৱাহাটী

পুনৰ উন্নয়ন প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে৷ মুখ্যমন্ত্ৰী হিচাপে শিলান্যাস কৰা সংহত জিলা আয়ুক্ত কাৰ্যালয়টো উদ্বোধন কৰিবলৈও সুযোগ পোৱা বাবে সন্তুষ্টি প্ৰকাশ কৰি ড॰ শৰ্মাই কয় যে এই উদাহৰণে প্ৰমাণ কৰিছে চৰকাৰখনে যি প্ৰতিশ্ৰুতি দিয়ে তাক সদায় নিৰ্দিষ্ট সময়ত পালন কৰে৷

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ইতিহাস বৰ্ণনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৫৪ চনত তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত পাণবজাৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়টো ১৯৫৬ চনৰ ১২ জুনত উদ্বোধন কৰা হৈছিল৷ এই কাৰ্যালয়ৰ পৰা পৰিচালিত জিলাখন পৰৱৰ্তী সময়ত বিভক্ত হৈ কামৰূপ, কামৰূপ মহানগৰ, বৰপেটা, নলবাৰী আৰু বজালী জিলা গঠন হ’ল৷

২০১৪ চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে নূ্যনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসনৰ আহ৩ান জনোৱাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২১ চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছতে তেওঁ জনতা ভৱনলৈ দৰ্শনাৰ্থী কিমান আহে আৰু কিয় আহে তাৰ সমীক্ষা কৰোৱাইছিল৷ এই সমীক্ষা অনুসৰি সেইসময়ত জনতা ভৱনলৈ দৈনিক গড়ে জ্জ-জ্জ্ব হাজাৰ মানুহ বিভিন্ন কাম লৈ আহিছিল৷ ইয়াৰ পিছতে ২০২২ চনত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে বহু কাম সমাধান কৰাৰ ক্ষমতা সচিবালয়ৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়, মুখ্য অভিযন্তাৰ কাৰ্যালয় বা সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হৈছিল, ফলত সচিবালয়ৰ দৰ্শনাৰ্থীৰ সংখ্যা হ্ৰাস পাইছিল৷ এতিয়া দৈনিক গড়ে ছয়-সাতশ মানুহহে সচিবালয়লৈ আহে৷ তেওঁ কয় যে চৰকাৰী কামত প্ৰয়োজন হোৱা মাটি আবণ্টন দিয়াৰ ক্ষমতা জিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰা হৈছে৷

চৰকাৰে পূৰ্বে প্ৰচেষ্টা লোৱাৰ পিছতো অসম সচিবালয়ত এতিয়াও বহু ফাইল বা আৱেদন জমা হৈ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ সমাধানৰ অংশ হিচাপে জিলা আয়ুক্তক অধিক ক্ষমতা দি সচিবালয়ৰ বহু কাম তেওঁলোকলৈ হস্তান্তৰ কৰিবলৈ পদক্ষেপ লোৱা হৈছে৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কামৰ বোজা বা নিষ্পত্তি নোহোৱাকৈ থকা ফাইলৰ সংখ্যা কমাবলৈ সমজিলা কাৰ্যালয়কো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে সচিবালয়ৰ পৰা বিকেন্দ্ৰীকৰণ হোৱা ক্ষমতা জিলা আয়ুক্ত কাৰ্যালয়ত যাতে কেন্দ্ৰীভূত নহয় তাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিছে৷ ৰাইজ যাতে সহজে উপকৃত হয় সেয়াই চৰকাৰৰ উদ্দেশ্য বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে চৰকাৰে গুৱাহাটীৰ কেইবাটাও স্থানত মাটি, ফ্লেট আদিৰ পঞ্জীয়ন কেন্দ্ৰ আৰম্ভ কৰিব৷ এই কেন্দ্ৰসমূহত একোগৰাকী উপ-পঞ্জীয়ক থাকিব৷ ইয়াত ৰাইজে সহজে পঞ্জীয়নৰ কাম কৰিব পাৰিব৷ এনেদৰে চৰকাৰৰ বহু কাম নাগৰিকৰ দুৱাৰমুখলৈ নিবলৈ বিচৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজক বিশ্বাসত লৈ আগবাঢ়িলে চৰকাৰী কাৰ্যালয়লৈ ৰাইজ অহাৰ পৰিৱৰ্তে চৰকাৰ ৰাইজৰ কাষত থাকিব পাৰিব৷ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৰাইজ কিয় আহে তাৰ এটা সমীক্ষা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে কাৰ্যালয়লৈ নহাকৈয়ে যদি ৰাইজে সুবিধা লাভ কৰে সেয়াই চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা হ’ব৷

অসমৰ সকলো জিলা আয়ুক্তৰ কাৰ্যালয় সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডাঙৰ কাৰ্যালয়ৰ জৰিয়তেবিষয়া-কৰ্মচাৰীসকলৰ বাবে কাম কৰাৰ এটা সুন্দৰ পৰিৱেশ গঢ় দিবলৈ বিচৰা হৈছে৷ এই কাৰ্যালয়ত জ্যেষ্ঠ নাগৰিকসকলে যাতে উপযুক্ত আদৰ-সন্মান পাই তাক নিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনায়৷

বিষয়া-কৰ্মচাৰীসকলক সময়মতে নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ সংহত আৰক্ষী ৰিজাৰ্ভৰ জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ৰ সকলো বিভাগৰ এটা সংহত কাৰ্যালয় নিৰ্মাণৰ পদক্ষেপ লোৱাৰ কথাও তেওঁ ঘোষণা কৰে৷ কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধায়কসকলৰ বাবেও এটা কোঠাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দি মুখ্যমন্ত্ৰীয়ে কাৰ্যালয়টোক এটা আদৰ্শ সংহত জিলা আয়ুক্ত কাৰ্যালয় হিচাপে গঢ়ি তুলিবলৈ আহ৩ান জনায়৷ তেওঁ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টোৰ কাষতে থকা জলাশয়টো সংৰক্ষণ কৰিবলৈ জিলা আয়ুক্ত আৰু জিএমডিএক পৰামৰ্শ দিয়ে৷

উদ্বোধনী অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক জিলা আয়ুক্তই কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ মহাপেছখানাত উপলব্ধ কামাখ্যা দেৱালয়ৰ আটাইতকৈ পুৰণি এখন ভূমি নথি উপহাৰ হিচাপে প্ৰদান কৰে৷ ১৯০৪-০৫ চনৰ এই নথি হৈছে অবিভক্ত কামৰূপ জিলাৰ ৰামছা ৰাণী মৌজাৰ অন্তৰ্গত কামাখ্যা পাহাৰ ৰাজহ গাঁৱৰ লা-খেৰাজ ১ নং পট্টাৰ জমাবন্দী৷

উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দিপ্লু ৰঞ্জন শৰ্মা, ড॰ তপন দাস, অসম চৰকাৰৰ মুখ্য সচিব ড॰ ৰবি কোটা প্ৰমুখ্যে কেইবাগৰাকী জনপ্ৰতিনিধি, উচ্চপদস্থ বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande