খৰ্গে সন্দৰ্ভত দলিত মানসিকতাৰ মন্তব্যৰ বাবে সংগীত ৰাগীক গৰিহণা পৱন খেৰাৰ
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাই দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক সংগীত ৰাগীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক লৈ কৰা মন্তব্যক গৰিহণা দিয়ে। খেৰাই কয় যে দলিত কেৱল ৰাজনৈতিক শব্দ নহয়, প্ৰজন্মৰ পিছত প্ৰজন
पवन खेरा


নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাই দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক সংগীত ৰাগীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক লৈ কৰা মন্তব্যক গৰিহণা দিয়ে। খেৰাই কয় যে দলিত কেৱল ৰাজনৈতিক শব্দ নহয়, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জাতিগত বৈষম্য, বৰ্জন, অত্যাচাৰৰ সন্মুখীন হোৱা সম্প্ৰদায়ৰ সামাজিক পৰিচয়।

বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত টিভি চৰ্চাৰ সময়ত অধ্যাপক ৰাগীৰ এই মন্তব্যত খেৰাই আপত্তি কৰে। খেৰাই কয় যে দলিতক কেৱল ৰাজনৈতিক শব্দ বুলি কোৱাটো দলিত সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি সন্মুখীন হোৱা সামাজিক বাস্তৱতাক মচি পেলোৱাৰ প্ৰয়াস।

তেওঁ কয় যে দলিত শব্দটোক কেৱল নিৰ্বাচনী পৰিচয় হিচাপে চোৱাটোৱে ইতিহাস, অপমান, সংগ্ৰাম, সামাজিক প্ৰতিৰোধৰ বাস্তৱতাক আওকাণ কৰে। এনে চিন্তাই সামাজিক বাস্তৱক মচি পেলোৱাৰ প্ৰয়াস।

এই মন্তব্যৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিকো লক্ষ্য কৰি লয়। খৰ্গেৰ বিৰুদ্ধে বাৰে বাৰে কৰা এই মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ক্ষমা খুজিব লাগে বুলিও তেওঁ কয়।

মন কৰিবলগীয়া যে স্বাধীনতা দিৱসৰ দিনা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বন্দে মাতৰমৰ গীত গোৱাৰ সময়ত হোৱা অস্বস্তিৰ বিষয়ে আলোচনা কৰি থাকোঁতে অধ্যাপক ৰাগীয়ে কৈছিল- খৰ্গেৰ কি হ'ল? এয়া তেওঁৰ দাসত্ব আৰু দলিত মানসিকতাৰ চিন। এয়াই হৈছে প্ৰকৃত দলিত মানসিকতা। বিতৰ্কত আনসকলে যেতিয়া ৰাগীৰ লগত মতানৈক্য প্ৰকাশ কৰিছিল, তেতিয়া তেওঁ নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande