
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূল কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় কুষ্ঠ সংমণ্ডলৰ বিশেষ কৰ্মশালাৰ শুভাৰম্ভ কৰে। ইন্দোৰত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাখনৰ লক্ষ্য আছিল কাৰ্যসূচীৰ ৰূপায়ণ শক্তিশালী কৰা, স্বাস্থ্য বিষয়াসকলৰ কাৰিকৰী ক্ষমতা বৃদ্ধি কৰা, কুষ্ঠ ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে চূড়ান্ত পৰ্যায়ৰ ব্যৱস্থা ত্বৰান্বিত কৰা।
কৰ্মশালাত ৭০ জনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল স্বাস্থ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান, উপ-সঞ্চালক প্ৰধান (কুষ্ঠ), কেন্দ্ৰীয় কুষ্ঠ সংমণ্ডলৰ বিষয়া, ৰাজ্যিক কুষ্ঠ বিষয়া, মধ্যপ্ৰদেশৰ সকলো ৫১ জিলাৰ জিলা কুষ্ঠ বিষয়া, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা উপদেষ্টা, আৰু কাৰিকৰী অংশীদাৰ সংস্থাৰ প্ৰতিনিধি।
স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি
কৰ্মশালাখনত কুষ্ঠ ৰোগৰ বৰ্তমানৰ অৱস্থা আৰু কাৰ্যসূচীৰ কাম-কাজৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে তৃণমূল পৰ্যায়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ফলপ্ৰসূ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। বিশেষকৈ আগতীয়াকৈ ধৰা পেলোৱা, সংস্পৰ্শ অনুসন্ধান, সময়মতে চিকিৎসা আৰম্ভ আৰু সম্পূৰ্ণ কৰা, অক্ষমতা প্ৰতিৰোধ, আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছিল। উপ-সঞ্চালক প্ৰধান (কুষ্ঠ) ডাঃ সুনীল ভি গিট্টে বিশেষ চোৱাচিতা আৰু লক্ষ্য নিৰ্ধাৰণ কৰা হস্তক্ষেপৰ প্ৰয়োজনীয়তা থকা জিলা আৰু অঞ্চলসমূহ চিনাক্ত কৰিবলৈ কাৰ্যসূচীৰ তথ্যৰ উন্নত ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতি ১০ হাজাৰ জনসংখ্যাৰ ভিতৰত কুষ্ঠ ৰোগৰ প্ৰাদুৰ্ভাৱ ১ জনতকৈ কমলৈ হ্ৰাস কৰাৰ লগতে আগতীয়াকৈ ধৰা পেলোৱা, সংস্পৰ্শ অনুসন্ধান, সময়মতে চিকিৎসা, আৰু অক্ষমতা প্ৰতিৰোধক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী বিষয়া ডাঃ ৰশ্মী শুক্লাই এল চি চিৰ গুণগত মান আৰু ফলাফল উন্নত কৰাৰ কাৰিকৰী তথ্য প্ৰদান কৰে। আলিৰাজপুৰ, অনুপপুৰ, বৰৱানী, বুৰহানপুৰ, আৰু ধৰৰ দৰে জিলাসমূহে কাৰ্যসূচীৰ অগ্ৰগতি, স্থানীয় প্ৰত্যাহ্বান, অগ্ৰাধিকাৰ ক্ষেত্ৰ, আৰু আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসা শক্তিশালী কৰাৰ বাবে কৰা প্ৰচেষ্টাসমূহৰ ওপৰত তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে।
এই অভিজ্ঞতা-বিনিময়ৰ ফলত বিভিন্ন জিলাই ইজনে সিজনৰ পৰা শিকিবলৈ আৰু অন্যান্য ক্ষেত্ৰত সফল হস্তক্ষেপ ৰূপায়ণৰ সুযোগ লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া