গোসাঁইগাঁৱত চোৰাং গৰু ভৰ্তি বলেৰ পিক আপ জব্দ
৭ টা গৰু উদ্ধাৰ এটা গৰুৰ মৃত্যু ।
গোসাঁইগাঁৱত চোৰাং গৰু ভৰ্তি বলেৰ পিক আপ জব্দ


বৰপেটা জিলাৰ দুটা গভাইত গৰু চোৰক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক

কোকৰাঝাৰ, ১৯ আগষ্ট (হি.স.)। গোসাঁইগাঁৱৰ পানবাৰীত আজি পুৱতি নিশা ৰাইজে অভিযান চলাই চোৰাং গৰু ভৰ্তি এখন বলেৰ পিক আপ জব্দ কৰাৰ লগতে দুজন চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে।

এখন বলেৰ’ পিকআপ গাড়ীসহ ৭ টাকৈ চোৰাং গৰু জব্দ কৰে। চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অতিষ্ঠ হৈ স্থানীয় ৰাইজে গৰু চোৰক হাতে-লোতে কৰায়ত্ত কৰে।চোৰক কৰায়ত্ত কৰাৰ পিছত ৰাইজে গৰু চোৰ দুটাক আৰক্ষীক গতাই দিয়ে। জব্দ কৰা গৰু কেইটাৰ ভিতৰত এটা গৰুৰ ইতিমেধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গৰু সৰবৰাহ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।বৰ্তমান আৰক্ষীয়ে এই চোৰাং গৰু সৰবৰাহ চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধৃত লোক দুজন বৰপেটাৰ বাবুল আলী আৰু শৰিফুল আলী । চোৰাং কৈ গৰু সৰবৰাহ কৰা বলেৰ পিক আপ গাড়ীৰ নম্বৰ আছিল AS 01 SC 3799 । গৰু কেইটা অতি নিৰ্দয় ভাৱে বান্ধি অনা বাবে এটা গৰুৰ মৃত্যু হয়।বিগত ৬ মাহ ধৰি মহকুমা খনত গৰু চোৰৰ উৎপাত বঢ়াত অতিষ্ঠ হৈ নিজে চোৰ ধৰাত ব্যস্ত হৈছে এতিয়া ৰাইজ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande