পশ্চিম বংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলাক সামৰি লোৱা চাৰিটা ৰে’ল প্ৰকল্পত কেবিনেটৰ অনুমোদন
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কেন্দ্ৰীয় কেবিনেটে পশ্চিম বংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলাক সামৰি লোৱা চাৰিটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনাইছে। এইবোৰে ভাৰতীয় ৰেলৱে নেটৱৰ্কত প্ৰায় ৪১০ কিলোমিটাৰ যোগ কৰিব। মুঠ আনুমানিক ব্যয়
रेल ट्रेन का प्रतिनिधि चित्र


নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কেন্দ্ৰীয় কেবিনেটে পশ্চিম বংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলাক সামৰি লোৱা চাৰিটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনাইছে। এইবোৰে ভাৰতীয় ৰেলৱে নেটৱৰ্কত প্ৰায় ৪১০ কিলোমিটাৰ যোগ কৰিব। মুঠ আনুমানিক ব্যয় ₹৯,৪৫০ কোটি আৰু প্ৰকল্পসমূহ ২০৩০-৩১ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্র্যালয়ৰ চাৰিটা প্রকল্পত অনুমোদন জনায় ৷ প্ৰস্তাৱিত মাল্টি ট্ৰেকিং প্ৰকল্পসমূহে প্ৰায় ৬,৪৪৮খন গাঁৱৰ সংযোগ উন্নত কৰিব, যাৰ জনসংখ্যা প্ৰায় ৬০ লাখ। নতুন ৰে’ল লাইনসমূহ হ’ল: পশ্চিম বংগ আৰু ওড়িশাৰ খড়গপুৰ-ভদ্ৰক (ৰানিতাল) চতুৰ্থ লাইন (১৭৩ কিলোমিটাৰ), ওড়িশাৰ ভদ্ৰক-হৰিদাসপুৰ চতুৰ্থ লাইন (৭৫ কিলোমিটাৰ), অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ গুম্মিডিপুণ্ডি-গুদুৰ তৃতীয় আৰু চতুৰ্থ লাইন (৯০ কিলোমিটাৰ), আৰু ওড়িশাত কটক-পাৰাদীপ (বৰাবন্ধা) তৃতীয় আৰু চতুৰ্থ লাইন (৭২ কিলোমিটাৰ) ।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে প্ৰস্তাৱিত সামৰ্থ্য বৃদ্ধিৰ ফলত সমগ্ৰ দেশৰ কেইবাটাও ডাঙৰ পৰ্যটনস্থলীলৈ ৰে’ল সংযোগ উন্নত হ’ব। প্ৰস্তাৱিত প্ৰকল্পসমূহ কয়লা, লোহাৰ অক্সাইড, চিমেণ্ট, লোহা আৰু তীখা, পাত্ৰ, অটোম’বাইল, শস্য আদি সামগ্ৰী পৰিবহণৰ বাবে অপৰিহাৰ্য পথ।সামৰ্থ্য বৃদ্ধিৰ ফলত বছৰি ৭.৬ কোটি টন অতিৰিক্ত মালবাহী ক্ষমতা লাভ কৰিব।

তেওঁ ব্যাখ্যা কৰে যে ৰে’লৱে পৰিৱেশ অনুকূল আৰু শক্তি-দক্ষ পৰিবহণৰ পদ্ধতি হোৱাৰ বাবে জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আৰু দেশৰ লজিষ্টিক খৰচ হ্ৰাস কৰিব। ইয়াৰ উপৰিও তেল আমদানি (প্ৰায় ১৩ কোটি লিটাৰ) আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন (প্ৰায় ৬৫ কোটি কিলোগ্ৰাম) হ্ৰাস কৰিব, যিটো ২৬ কোটি গছ ৰোপণৰ সমতুল্য।

উন্নত ৰে’ল সংযোগৰ দ্বাৰা উপকৃত হ’বলগীয়া মূল পৰ্যটন স্থলীসমূহ হ’ল- কুলডিহা বন্যপ্ৰাণী অভয়াৰণ্য, ভিতৰকনিকা ৰাষ্ট্ৰীয় উদ্যান, মা ভদ্ৰকালি মন্দিৰ, মা ধমৰাই মন্দিৰ, পঞ্চলিংগেশ্বৰ মন্দিৰ, তালাছাৰী-উদয়পুৰ আৰু চণ্ডীপুৰ বিল, পুলিকাট হ্ৰদ, নেলাপট্টু চৰাই অভয়াৰণ্য, ভগৱান বীৰাঘৱ পেৰুমাল মন্দিৰ, গদা কুজাংগা জগন্নাথ মন্দিৰ, সৰলা মন্দিৰ, ধাবালেশ্বৰ মন্দিৰ, ললিতগিৰি (এটা বৌদ্ধ স্থান)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande