
–ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ স্মাৰক সন্মান মীনাক্ষী চলিহা বসু,ৰেখা চলিহা বসু, ডলী ঘোষ আৰু ত্ৰিদিৱ চেটার্জীলৈ
শোণিতপুৰ, ১৯ আগষ্ট (হি.স.) পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশ্বৰত্ন, ভাৰতৰত্ন,
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ অনুষ্ঠান অনুষ্ঠিত কৰিব অসম সাহিত্য সভাই। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে- অসম সাহিত্য সভাৰ কলকাতা শাখাৰ সহযোগত অহা ২২ আগষ্টত কলকাতাৰ অসম ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই জন্ম শতবর্ষ অনুষ্ঠান। সেইদিনা পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে।
বিয়লি দুই বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত 'অসম-বংগৰ সাংস্কৃতিক সেতুবন্ধনত ড° ভূপেন হাজৰিকাৰ অৱদান' শীর্ষক বিষয়ত বিশেষ আলোচনা সভা অনুষ্ঠিত হ'ব। উক্ত আলোচনা সভাখন উদ্বোধন কৰিব কলকাতাস্থিত অসম ভৱনৰ আৱাসিক আয়ুক্ত ৰণবীৰ কুমাৰ দাসে আৰু অনুষ্ঠানত মুখ্য আলোচক হিচাপে সাহিত্য অকাডেমি বঁটাপ্রাপক চৈয়দ হাসমত জালালৰ লগতে আলোচক হিচাপে উপস্থিত থাকিব ক্রমে বিশিষ্ট সংগীত শিল্পী কমল কটকী, বিশিষ্ট গৱেষক ড° দেৱজিৎ ভূঞা, ড° ভূপেন হাজৰিকা আন্তর্জাতিক ফাউণ্ডশ্যনৰ সচিব ৰঞ্জন কুমাৰ দত্ত আৰু বিশিষ্ট নাট্যকাৰ ধ্রুবজ্যোতি শর্মা। এই অনুষ্ঠানত সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু লেখক-সাহিত্যিক ধীৰেন্দ্ৰ চন্দ্ৰ শর্মা বিশিষ্ট অতিথি হিচাপে, আউনীআটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জ্যোতিৰেখা হাজৰিকা আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক-লেখক নুৰুল চুলতানে নিমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰিব।
আলোচনা সভাৰ পাছতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এক শ্রদ্ধার্ঘ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আকাশবাণী দিল্লীৰ প্ৰাক্তন বাতৰি পৰিৱেশক নেকিব আহমেদে মুকলি কৰিব লগা অনুষ্ঠানটোত কাশ্মিৰী কটকী মল্লিক, সৌৰভ সাহা, পৰিমল দাসৰ লগতে অসম আৰু পশ্চিম বংগৰ কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্রহণ কৰিব। এই অনুষ্ঠানতে কলকাতা নিবাসী, বিশিষ্ট ব্যক্তি মীনাক্ষী চলিহা বসু, ৰেখা চলিহা বসু, ডলী ঘোষ আৰু ত্রিদিৱ চেটার্জীক অসম সাহিত্য সভাই ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ স্মাৰক সন্মান-২০২৬ প্রদান কৰিব।
উল্লেখ্য যে এই বিশেষ অনুষ্ঠানটোত ভূপেন্দ্র সংগীতৰ একত্র সংকলন (অসমীয়া, বাংলা আৰু হিন্দী ভাষা) আৰু Song of Confluence (Collection of Dr Bhupen Hazarika's Lyrics in English) নামৰ দুখন গ্রন্থ উন্মোচন কৰিব সাহিত্য অকাদেমিৰ অৱসৰপ্ৰাপ্ত সচিব ড° ৰাম কুমাৰ মুখ্যোপাধ্যায়ে। এই আয়োজনলৈ অসম সাহিত্য সভাৰ সমূহ বিষয়ববীয়াৰ লগতে সাহিত্যপ্রেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অসম সাহিত্য সভাৰ কলকতা শাখাৰ সম্পাদক মনীষা শর্মা বৰঠাকুৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ