পৰিৱেশ সংবেদনশীল এলেকা সুৰক্ষিত নহ'লে কাজিৰঙালৈ বিপদ আহিব - অৰণ্য সুৰক্ষা সমিতি অসম
–কাজিৰঙাক লৈ ৰাজনীতি কৰা উচিত নহয় শোণিতপুৰ, ১৯ আগষ্ট : (হি.স.): ভাৰত চৰকাৰে গেজেট জাননীত এই কথা স্পষ্ট কৈ প্ৰকাশ কৰিছে যে যিকোনো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ পৰা এক কিলোমিটাৰ আৰু তাৰ পৰা নিৰ্ধাৰণ কৰা পৰিৱেশ সংবেদনশীল এলেকাৰ ভিতৰত কোনো ব্য
পৰিৱেশ সংবেদনশীল এলেকা সুৰক্ষিত নহ'লে কাজিৰঙালৈ বিপদ আহিব - অৰণ্য সুৰক্ষা সমিতি অসম


–কাজিৰঙাক লৈ ৰাজনীতি কৰা উচিত নহয়

শোণিতপুৰ, ১৯ আগষ্ট : (হি.স.): ভাৰত চৰকাৰে গেজেট জাননীত এই কথা স্পষ্ট কৈ প্ৰকাশ কৰিছে যে যিকোনো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ পৰা এক কিলোমিটাৰ আৰু তাৰ পৰা নিৰ্ধাৰণ কৰা পৰিৱেশ সংবেদনশীল এলেকাৰ ভিতৰত কোনো ব্যৱসায়িক প্ৰতিষ্ঠান নতুনকৈ গঢ়ি তুলিব নোৱাৰে । অৱশ্যে স্থানীয় বাসিন্দা সকলে আবাস গৃহ নিৰ্মাণ কৰাত বাধা নাই । ( The Gazette of India: Extraordinary,part-ll,sec-3,Page-21,22) ২০১৪ চনত ভাৰতৰ প্ৰতিখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান জৰীপ কৰি ভাৰত চৰকাৰে এই সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছিল যাৰ আধাৰত ২০১৭ চনত আমচাং বনাঞ্চলৰ পৰিৱেশ সংবেদনশীল এলেকাত উদ্যোগ স্থাপন বন্ধ কৰা হৈছিল। এখন আইন ঠাই বিশেষে বেলেগ হব নোৱাৰে।

পৰিৱেশ সংবেদনশীল এলেকা নিৰ্ধাৰণত ৰাজ্য চৰকাৰৰো মতামত লোৱা হৈছিল। ২০১৪ চনত অসম চৰকাৰে বিভিন্ন প্ৰকৃতি সংগঠন, স্থানীয় ৰাইজ আৰু বিষয় বিশেষজ্ঞ সকলক লৈ এই সীমা নিৰ্ধাৰণ কৰিছিল।যদি তাৰ ৰ'দ বদল কৰিব লগা পৰিস্থিতি আহে সেয়া পুনৰ ৰাজহুৱা পৰ্যালোচনাৰ আধাৰতহে হ'ব লাগিব। বিশ্বৰ মানচিত্ৰত কাজিৰঙা অসমৰ পৰিচয়।ই সদায় সুৰক্ষিত হ'ব লাগিব । অন্যথা ই বিপদজনক অৱস্থাত পৰিব। গতিক ইয়াৰ পৰিৱেশ সংবেদনশীল এলেকা সুৰক্ষিত ৰখাটো চৰকাৰৰ দায়িত্ব। যদি চৰকাৰে স্থানীয় ৰাইজক পৰ্যটন উদ্যোগৰ সুবিধা দিব খোজে তেনেহলে সুনিৰ্দিষ্ট নীতি নিৰ্দেশনাৰে অসম আৰ্হিৰ খেৰ বাঁহেৰে নিৰ্মিত প্ৰদূষণমুক্ত ঘৰ নিৰ্মাণ কৰিবলৈ দি পৰ্যটকৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰিব পাৰে।ই অন্য দেশৰ পৰ্যটক সকলক বিশেষ ভাবে আকৰ্ষিত কৰিব। ইয়াৰ দ্বাৰা স্থানীয় নিবনুৱা সকলৰ নিয়োগৰ বাট মুকলি হ'ব পাৰে পৰ্যটন উদ্যোগক নতুন মাত্ৰা দিব পাৰে।

প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকা সুৰক্ষিত কৰাৰ সন্দৰ্ভত এনেদৰে মতপ্ৰকাশ কৰিছে। সমিতিৰ সচিব প্ৰধান ডঃ হৰিচৰণ দাসে এক প্ৰেছ বিজ্ঞপ্তিত লগতে প্ৰকাশ কৰিছে যে কাজিৰঙাক লৈ ৰাজনীতি কৰা উচিত নহয়।আজি যি ৰাজনৈতিক দল কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকাৰ সন্দৰ্ভত ৰাজপথলৈ আহিছে তেওঁলোকৰ শাসন কালত কাজিৰঙাৰ ১৫০ জন সাময়িক কৰ্মচাৰীক দৰমহা দিবলৈ ধন নথকাৰ অজুহাতত ছাটাই কৰা হৈছিল । অৰণ্য সুৰক্ষা সমিতি অসমে তাৰবাবে আন্দোলন কৰিব লগা হৈছিল। বুকুত চোৰাং চিকাৰীৰ চেৰাগুলী লৈ , ধনৰ অভাৱত অস্ত্ৰোপচাৰ কৰিব নোৱাৰি বছৰৰ পাছত বছৰ এনে কৰ্মচাৰীয়ে যাতনা ভোগ কৰিব লগা হৈছিল। তেওঁলোকে শাসন কৰা সময়ত কাজিৰঙাৰ গঁড় নিধন এক নিয়মীয়া ঘটনাত পৰিণত হৈছিল। সমিতিয়ে সেয়ে স্থানীয় ৰাইজক এনে দলৰ দ্বাৰা প্ৰৰোচিত নহৈ নিজস্ব সমস্যা নিজৰ যুক্তিৰ আধাৰত সমাধান বিচাৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande