
মৰিগাঁও, ১৬ আগষ্ট (হি.স.): অসম চুক্তি সম্পাদনৰ ৪১ বছৰৰ শুভক্ষণত ৮৬০ গছি বন্তি প্ৰজ্বলনেৰে শ্বহীদ সকললৈ যোৱা কালি ১৫ আগষ্ট শনিবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই জিলা খনৰ গান্ধীভৱনৰ প্ৰাংগণত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই অংশগ্ৰহণ কৰে।
ইফালে ভাষণ প্ৰসংগত অসম চুক্তি ৰূপায়ণ কৰিব নে বাংলাদেশীৰ ভোটৰ স্বাৰ্থত মুৰ তল কৰি চুক্তি খনক উপেক্ষা কৰি যাব বুলি চৰকাৰক কটাক্ষ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই । সভাপতি গৰাকীৰ মতে বৰ্তমান সময়ত ছাত্ৰ সন্থাৰ হাতত আছে দুটাই পথ, হয় অসম চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক, অন্যথা আন্দোলনৰ বিকল্প নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ