
ডিব্ৰুগড়, ১৬ আগষ্ট (হি.স.): ডিব্ৰুগড়ৰ মাইজান জিৰ পইন্টত যোৱা কালি শনিবাৰে বিয়লি এক অঘটন সংঘটিত হয় । মাইজান বিলত ডুবি মৃত্যু মুখত পৰে অংকিত মালাকাৰ নামৰ ২২বছৰীয়া যুৱক ।
জানিব পৰামতে, সমনীয়াৰ সৈতে পিকনিক খাবলৈ মাইজানলৈ গৈছিল যুৱকজন । মৃত যুৱকজনৰ ঘৰ ডিব্ৰুগড়ৰ শ্বশানপাৰাত বুলি জনা গৈছে । যুৱকজনক ততাতৈয়াকৈ এএমচিএইচ অনা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে পানীত ডুব যোৱা যুৱকজনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ