১৫ আগষ্টৰ পুৱাই টিংখাঙত চাঞ্চল্য: পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
গোলাঘাট, ১৫ আগষ্ট (হি.স.)। ১৫ আগষ্টৰ পুৱাই এক চাঞ্চল্যকৰ খবৰ। টিংখাঙত পথৰ দাঁতিত উদ্ধাৰ হৈছে এটা অচিনাক্ত লোকৰ মৃতদেহ। হত্যাকাণ্ডৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। স্বাধীনতা দিৱসৰ পুৱাই টিংখাঙত পোহৰলৈ আহিছে এক চাঞ্চল্যৰ ঘটনা। টিংখাং থানাৰ অন্তৰ্গত বেতনি
১৫ আগষ্টৰ পুৱাই টিংখাঙত চাঞ্চল্য: পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ


গোলাঘাট, ১৫ আগষ্ট (হি.স.)। ১৫ আগষ্টৰ পুৱাই এক চাঞ্চল্যকৰ খবৰ। টিংখাঙত পথৰ দাঁতিত উদ্ধাৰ হৈছে এটা অচিনাক্ত লোকৰ মৃতদেহ। হত্যাকাণ্ডৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। স্বাধীনতা দিৱসৰ পুৱাই টিংখাঙত পোহৰলৈ আহিছে এক চাঞ্চল্যৰ ঘটনা। টিংখাং থানাৰ অন্তৰ্গত বেতনি গাঁৱৰ পথৰ কাষত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।

পুৱাৰ ভাগত স্থানীয় গাঁওৰক্ষী বাহিনীৰ এজন বিষয়-ববীয়াই পথৰ কাষত মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। মৃত ব্যক্তিজনৰ মূৰ আৰু মুখমণ্ডলত আছে গুৰুতৰ আঘাতৰ স্পষ্ট চিন। মৃতদেহটোৰ কাষতে এটা ছিৰিঞ্জ, এখন ৰঙচুৱা পৰ্দা সদৃশ কাপোৰ আৰু গাঁঠি দিয়া এটুকুৰা কাপোৰৰ ৰছী উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ পৰা ইতিমধ্যে দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰালৈ চাই যোৱা নিশাৰ ভাগতেই এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। ৰাইজৰ সন্দেহ, দুৰ্বৃত্তই নিশাৰ আন্ধাৰৰ সুযোগ লৈ আন কোনো স্থানত হত্যা কৰি মৃতদেহটো এই নিৰ্জন পথৰ দাঁতিত পেলাই থৈ গৈছে। ইতিমধ্যে টিংখাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande