মৰিয়নিত স্বাধীনতা দিৱস উদযাপন
যোৰহাট, 15 আগষ্ট (হি.স.)। মৰিয়নিত স্বাধীনতা দিৱস উদযাপন। মৰিয়নি সম- জিলাত আজি গৌৰৱোজ্জ্বল পৰিৱেশত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। সম- জিলা আয়ুক্ত অভিজিত গগৈয়ে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সম- জিলা আয়ুক্তগৰাক
মৰিয়নিত স্বাধীনতা দিৱস উদযাপন


যোৰহাট, 15 আগষ্ট (হি.স.)। মৰিয়নিত স্বাধীনতা দিৱস উদযাপন। মৰিয়নি সম- জিলাত আজি গৌৰৱোজ্জ্বল পৰিৱেশত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। সম- জিলা আয়ুক্ত অভিজিত গগৈয়ে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে সম- জিলা আয়ুক্তগৰাকীয়ে এনচিচি, স্কাউট-গাইড আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত মাষ্টপাষ্টৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, গণ্যমান্য ব্যক্তি আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু অৱদান স্মৰণ কৰি সম জিলা আয়ুক্তগৰাকীয়ে সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়।উক্ত কাৰ্যসূচীত কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande