অলিম্পিক ২০৩৬ৰ প্ৰস্তুতি– প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছে দেশজোৰা ক্ৰীড়া প্ৰতিভা সন্ধান অভিযান
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ ভাৰতৰ লক্ষ্য পুনৰাবৃত্তি কৰি সমগ্ৰ দেশতে ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে ক্ৰীড়া প্ৰতিভা অনুসন্ধান অভিযান আৰম
प्रधानमंत्री नरेंद्रं मोदी


নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ ভাৰতৰ লক্ষ্য পুনৰাবৃত্তি কৰি সমগ্ৰ দেশতে ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে ক্ৰীড়া প্ৰতিভা অনুসন্ধান অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই অভিযানৰ লক্ষ্য হৈছে য’ত ভাৰতৰ অংশগ্ৰহণ বা সফলতা বৰ্তমান সীমিত ক্ৰীড়াত নতুন প্ৰতিভা চিনাক্ত কৰা।

লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আছে আৰু ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে। মোদীয়ে কয় যে অলিম্পিকত প্ৰায় ৪০টা ক্ৰীড়া আৰু ৩২৫ৰ পৰা ৩৫০খন ইভেণ্ট অনুষ্ঠিত হয় যদিও ভাৰতে প্ৰায় দুই তৃতীয়াংশ ইভেণ্টত অংশগ্ৰহণ নকৰে বা যোগ্যতা অৰ্জন নকৰে। তেওঁ উল্লেখ কৰে যে এই ক্ৰীড়াসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব আৰু প্ৰতিভা সন্ধান অভিযান আৰম্ভ কৰা হ’ব।

তেওঁ কয়, ভাৰততো ২০৩০ চনত কমনৱেলথ গেমছ আয়োজন কৰিবলৈ ওলাইছে। আমি সিদ্ধান্ত লৈছো যে ২০৩৬ চনৰ অলিম্পিক ভাৰতত অনুষ্ঠিত হ'ব লাগে। ভাৰতে যিবোৰ খেলত অংশগ্ৰহণ নকৰে বা যোগ্যতা অৰ্জন নকৰে সেইবোৰ খেলৰ প্ৰতি ভাৰতে বিশেষ গুৰুত্ব দিব আৰু প্ৰতিভাৰ সন্ধান অভিযান আৰম্ভ কৰিব।

প্ৰতিখন গাঁও, চহৰ, আৰু বিদ্যালয়ত প্ৰতিভাৰ সন্ধান কৰা হ’ব

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাবলৈ আজি ৫, ১০, বা ১৫ বছৰীয়া শিশুক চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ কয়, আমি আমাৰ পুত্ৰ-কন্যাৰ ওপৰত গুৰুত্ব দিব লাগিব। সেয়েহে ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ মাজত ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিবলৈ প্ৰতিখন গাঁও, প্ৰতিখন চহৰ, প্ৰতিখন বিদ্যালয়তে প্ৰতিভা অনুসন্ধান অভিযান আৰম্ভ কৰা হ'ব। তেওঁ কয় যে নিৰ্বাচিত প্ৰতিভাৱান শিশুসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ’ব যাতে তেওঁলোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰি উৎকৃষ্ট খেলুৱৈ হ’ব পাৰে।

কমনৱেলথ গেমছত ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন

শেহতীয়াকৈ গ্লাছগো কমনৱেলথ গেমছত ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ, আৰু ৯টা ব্ৰঞ্জকে ধৰি মুঠ ৩৯টা পদক লাভ কৰি চতুৰ্থ স্থান দখল কৰিছে। সীমিত ক্ৰীড়া কাৰ্যসূচী থকাৰ পিছতো ভাৰতে বক্সিং, জুডো, ভাৰোত্তোলন, পেৰা-এথলেটিক ক্ৰীড়াত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছিল। বক্সিংত ১০টা পদক লাভ কৰি কমনৱেলথ গেমছত এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন অৰ্জন কৰে ভাৰতে।

ভাৰতীয় মহিলা স্বৰ্ণ পদক বিজয়ী সকলৰ ভিতৰত আছিল জেচমিন লেম্বোৰিয়া, প্ৰীতি পাৱাৰ, প্ৰিয়া ঘাংঘাছ, সাক্ষী চৌধুৰী, আৰু অৰুন্ধতী চৌধাৰী। ভাৰোত্তোলনত মিৰাবাই চানুৱে, জুডোত অস্মিতা দে, আৰু পেৰা এথলেটিক ক্ৰীড়াত শৰ্মিলা ধনকাৰেও স্বৰ্ণ পদক লাভ কৰে। ভাৰতীয় খেলুৱৈসকলে এতিয়া ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানৰ আইচি প্ৰিফেকচাৰ আৰু নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাব ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande