
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। টেষ্ট ক্ৰিকেটত শনিবাৰে গালেত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলৰ বাবে খেলপথাৰত নামি ভাৰতে এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰে। ৬০০খন টেষ্ট মেচ খেলি বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।
ভাৰতৰ পূৰ্বে কেৱল ইংলেণ্ড (১,০৯৭ টেষ্ট) আৰু অষ্ট্ৰেলিয়াই (৮৮৩ টেষ্ট)হে ৬০০ বা তাতকৈ অধিক টেষ্ট মেচ খেলিছে। ৫৯৯খন টেষ্টত ভাৰতে ১৮৬খন জয়, ১৮৮খন পৰাজয়, আৰু ২২৪খন ড্ৰ’ কৰিছে। ইয়াৰ জয়-পৰাজয়ৰ অনুপাত ০.৯৮৯ আৰু জয়ৰ শতাংশ ৩১.১৩। টেষ্ট ক্ৰিকেটত মুঠ জয়ৰ ক্ষেত্ৰত পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়া (৪২৬), ইংলেণ্ড (৪০৫), দক্ষিণ আফ্ৰিকা (১৯১), আৰু ৱেষ্ট ইণ্ডিজ (১৮৭)।
# টেষ্ট যাত্ৰা আৰম্ভ হৈছিল ১৯৩২ চনৰ পৰা
১৯৩২ চনত লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন টেষ্ট মেচ খেলিছিল। চি কে নায়ুডুৰ অধিনায়কত্বত খেলা সেই মেচখনত ইংলেণ্ডে ভাৰতক ১৫৮ ৰাণত পৰাস্ত কৰিছিল। ভাৰতে ১৯৬৭ চনত বাৰ্মিংহামত ১০০ সংখ্যক টেষ্ট, ১৯৮২ চনত লাহোৰত ২০০ সংখ্যক আৰু ১৯৯৬ চনত আহমেদাবাদত ৩০০ সংখ্যক টেষ্ট খেলিছিল।
# ভাৰতৰ ঐতিহাসিক টেষ্ট
* প্ৰথম টেষ্ট : ইংলেণ্ড বনাম ভাৰত, লৰ্ডছ, ১৯৩২ — ইংলেণ্ডে ১৫৮ ৰাণত জয়লাভ কৰে
* ১০০ সংখ্যক টেষ্টঃ ইংলেণ্ড বনাম ভাৰত, বাৰ্মিংহাম, ১৯৬৭ — ইংলেণ্ডে ১৩২ ৰানত জয়লাভ কৰে
* ২০০ তম টেষ্ট : পাকিস্তান বনাম ভাৰত, লাহোৰ, ১৯৮২ — ড্র
* ৩০০ সংখ্যক টেষ্টঃ ভাৰত বনাম দক্ষিণ আফ্ৰিকা, আহমেদাবাদ, ১৯৯৬ — ভাৰতে ৬৪ ৰাণত জয়লাভ কৰে
* ৪০০ সংখ্যক টেষ্টঃ ৱেষ্ট ইণ্ডিজ বনাম ভাৰত, কিংষ্টন, ২০০৬ — ভাৰতে ৪৯ ৰানত জয়লাভ কৰে
* ৫০০ সংখ্যক টেষ্টঃ ভাৰত বনাম নিউজিলেণ্ড, কানপুৰ, ২০১৬ — ভাৰতে ১৯৭ ৰানত জয়লাভ কৰে
* ৬০০ সংখ্যক টেষ্ট : শ্ৰীলংকা বনাম ভাৰত, গালে, ২০২৬
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ