ইংলেণ্ডৰ শৃংখলাৰ পূৰ্বে বাবৰ আজমৰ হাতৰ আঘাত, অনুশীলন মেচৰ পৰা বাদ পৰিল
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পূর্বে পাকিস্তানে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ প্ৰফেচনেল কাউন্টি ক্লাব চিলেক্ট একাদশৰ বিৰুদ্ধে অনুশীলন খেলৰ সময়ত টেষ্ট অধিনায়ক বাবৰ আজমে হাতত আঘাতপ্ৰাপ্ত হয় । আঘাতৰ ভয়
बाबर आजम


নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পূর্বে পাকিস্তানে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ প্ৰফেচনেল কাউন্টি ক্লাব চিলেক্ট একাদশৰ বিৰুদ্ধে অনুশীলন খেলৰ সময়ত টেষ্ট অধিনায়ক বাবৰ আজমে হাতত আঘাতপ্ৰাপ্ত হয় । আঘাতৰ ভয়াৱহতা এতিয়াও জানিব পৰা হোৱা নাই।

বাবৰে পাঁচ ৰানত বেটিং কৰি থকাৰ সময়তে ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বেগী বলাৰ মেনি লামছডেনৰ বাউন্সিং ডেলিভাৰীয়ে তেওঁৰ তলৰ বাহুত আঘাত কৰে। বাবৰে আঘাত পোৱাৰ পিছত বিষ হোৱা যেন দেখা গৈছিল আৰু আৰু বেটিং কৰা নাছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ তথ্য অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে উল্লেখ কৰিছে যে দলৰ চিকিৎসকৰ পৰীক্ষাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে বাবৰক অনুশীলনৰ বাকী অংশৰ পৰা জিৰণি দিয়া হৈছে।

পিচিবিয়ে কয় যে, “টিম ডাক্তৰৰ পৰীক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ পিছত বাবৰক অনুশীলন মেচৰ বাকী সময়খিনি জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।” ১৭ আগষ্ট সোমবাৰে হেডিংলি ক্ৰিকেট খেলপথাৰত পাকিস্তানৰ অনুশীলনত অংশগ্ৰহণ কৰিব বাবৰে। তেওঁৰ ফিটনেছৰ ওপৰত দল পৰিচালনাই তীক্ষ্ণ দৃষ্টি ৰাখিব।

১৯ আগষ্টৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা

১৯ আগষ্টৰ পৰা আৰম্ভ হ’ব পাকিস্তান আৰু ইংলেণ্ডৰ মাজত তিনিখন খেলৰ টেষ্ট শৃংখলা। এই শৃংখলাটো আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ অংশ। পইণ্ট তালিকাত ইংলেণ্ড সপ্তম আৰু পাকিস্তান অষ্টম স্থানত আছে। পাকিস্তানে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেষৰখন টেষ্ট শৃংখলা ১-১ গ’লত ড্র কৰিছিল৷ দ্বিতীয়খন টেষ্টত ৮ উইকেটত জয়লাভ কৰি পাকিস্তানেও বিদেশত টেষ্টত একেৰাহে ৮টা পৰাজয়ৰ ধাৰাবাহিকতা ভাঙি পেলায়। পাকিস্তানে আশা কৰিব যে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বাবৰ সম্পূৰ্ণ ফিট হৈ উঠিব। ইফালে, শ্বান মাছুদৰ আঘাতৰ পৰা উভতি অহাটো দলটোৰ বাবে আদৰণীয় সকাহ।

ইংলেণ্ড শৃংখলাৰ বাবে পাকিস্তানৰ টেষ্ট দল

বাবৰ আজম (অধিনায়ক), আমিৰ জামাল, আব্দুল্লাহ শ্বাফিক, আলী উছমান, আজান আৱাইছ, ইমাম-উল-হক, খুৰৰাম শ্বাহজাদ, মহম্মদ আব্বাছ, মহম্মদ আলী, মহম্মদ ৰিজৱান, মহম্মদ আৱাইছ জাফৰ, মহম্মদ গাজী ঘোৰী, সাজিদ খান, ছলমান আলী আঘা, চাউদ শ্বাকিল, শ্বান মাছুদ, উবাইদ শ্বাহ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande