শচীন, ৰোহিত, মিতালী আৰু কুম্বলেৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। ভাৰতীয় ক্ৰিকেট জগতৰ কিংবদন্তি খেলুৱৈসকলে শনিবাৰে দেশবাসীক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । বহু খেলুৱৈয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশৰ প্ৰতি থকা গৌৰৱ আৰু দেশপ্ৰেম প্ৰকাশ কৰে। কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ
भारतीय क्रिकेटर सचिन तेंदुलकर


নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। ভাৰতীয় ক্ৰিকেট জগতৰ কিংবদন্তি খেলুৱৈসকলে শনিবাৰে দেশবাসীক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । বহু খেলুৱৈয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশৰ প্ৰতি থকা গৌৰৱ আৰু দেশপ্ৰেম প্ৰকাশ কৰে।

কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে ভাৰতীয় ত্ৰিৰংগৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, স্বাধীনতা দিৱসৰ শুভেচ্ছা! ভাৰতীয় টি-২০ৰ অধিনায়ক শ্ৰেয়াছ আয়াৰেও দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই এক্সত পোষ্ট কৰে।

মহান ভাৰতীয় স্পিনাৰ অনিল কুম্বলে লিখিছে, স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল! জয় হিন্দ।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজেও শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, সকলোকে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ!

ইফালে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভাৰতীয় দলৰ জাৰ্চি পিন্ধা এখন ছবি শ্বেয়াৰ কৰি দেশৰ প্ৰতি গৌৰৱ প্ৰকাশ কৰে। ক্ৰিকেটাৰৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণেও বিভিন্ন মাধ্যমেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি জাতিটোৰ প্ৰতি শ্ৰদ্ধা আৰু দেশপ্ৰেম প্ৰকাশ কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande