স্বাধীনতা দিৱস উপলক্ষে যোৰহাটত কৰদাতাক সম্বৰ্ধনা
যোৰহাট, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱস উপলক্ষে যোৰহাটত কৰদাতাক সম্বৰ্ধনা দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৰহাট শাখাৰ ৰাজ্যিক কৰ যুটীয়া আয়ুক্ত আৰু ৰাজ্যিক কৰ উপ-আয়ুক্তৰ কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সময়মতে আৰু উচ্চ
স্বাধীনতা দিৱস উপলক্ষে যোৰহাটত কৰদাতাক সম্বৰ্ধনা


যোৰহাট, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱস উপলক্ষে যোৰহাটত কৰদাতাক সম্বৰ্ধনা

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৰহাট শাখাৰ ৰাজ্যিক কৰ যুটীয়া আয়ুক্ত আৰু ৰাজ্যিক কৰ উপ-আয়ুক্তৰ কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সময়মতে আৰু উচ্চ হাৰত কৰ আদায় দি জাতি গঠনৰ ক্ষেত্ৰত জি এছ টি (GST)-ৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দুগৰাকী বিশিষ্ট কৰদাতাক সম্বৰ্ধনা জনোৱা হয়।

আজিৰ অনুষ্ঠানত যোৰহাটৰ পাঞ্জাৱ ইঞ্জিনীয়াৰিং কোম্পানীৰ স্বত্বাধিকাৰী আৰু বোকাহোলা চাহ কোম্পানীৰ স্বত্বাধিকাৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

কৰদাতাসকলৰ সময়মতে কৰ পৰিশোধৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ আৰু জাতি গঠনত আগবঢ়োৱা অৱদানৰ শলাগ লোৱা হয়। লগতে নিয়মীয়াকৈ কৰ পৰিশোধ কৰি দেশৰ উন্নয়নমূলক কাম-কাজত সহযোগিতা আগবঢ়াবলৈ কৰদাতাসকলক উৎসাহিত কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande