

কামৰূপ, ১৫ আগষ্ট (হি.স.)। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ টেপেচীয়াস্থিত চিকিৎসা শিক্ষাৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠান ৰহমান ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইন্স এণ্ড ৰিচাৰ্চত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে প্ৰকৃতিৰ সেউজ আৱেষ্টনীত সাত বিঘা ভূমি সামৰি গঢ় লৈ উঠা প্ৰতিষ্ঠানখনৰ চৌহদ।
এই ৰাষ্ট্ৰীয় উৎসৱত ৰহমান ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইন্স এণ্ড ৰিচাৰ্চত ছাত্ৰ ছাত্ৰী সকলৰ মাজতো দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ-উদ্দীপনা। পুৱা ৯ বজাত প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডা০ ৰুহুল আমিনে জাতীয় পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে আয়োজন কৰা হয় দিনযোৰা বিভিন্ন অনুষ্ঠান।
ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীত, নৃত্য আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
অনুষ্ঠানত আছু, আক্ৰাছু আৰু আটছাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। তেওঁলোকে স্বাধীনতা দিৱস উপলক্ষে প্ৰতিষ্ঠানখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লোৱাৰ লগতে দেশৰ সংহতি, অখণ্ডতা আৰু জাতীয় মূল্যবোধ ৰক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল সদায় সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
উৎসাহ-উদ্দীপনা আৰু দেশপ্ৰেমৰ পৰিবেশৰ মাজেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতিয়ে এক অনন্য মাত্ৰা প্ৰদান কৰে।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলা আছুৰ উপদেষ্টা ৰিণ্টু দাস, কামৰূপ মহানগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সোণ বৰা, চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য ৰাজু গৰাইত প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar