চেনাব নদীত পৰিল স্কৰ্ফিঅ', ৫ জনৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত
কিস্তৱাৰ, 15 আগষ্ট (হি.স.)। জম্মু–কাশ্মীৰৰ জম্মু সংমণ্ডলৰ কিস্তৱাৰ জিলাৰ দাচান অঞ্চলত শনিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এটা মহিন্দ্ৰা স্কৰ্পিও চেনাব নদীত পৰি পাঁচজন লোকৰ মৃত্যু হয়। বিষয়াসকলৰ মতে, স্ক’ৰপিঅ’ গাড়ীখন ডাংদাৰুৰ পৰা চৌণ্ডাৰলৈ গৈ থকা অৱ
চেনাব নদীত পৰিল স্কৰ্ফিঅ', ৫ জনৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত


কিস্তৱাৰ, 15 আগষ্ট (হি.স.)। জম্মু–কাশ্মীৰৰ জম্মু সংমণ্ডলৰ কিস্তৱাৰ জিলাৰ দাচান অঞ্চলত শনিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এটা মহিন্দ্ৰা স্কৰ্পিও চেনাব নদীত পৰি পাঁচজন লোকৰ মৃত্যু হয়।

বিষয়াসকলৰ মতে, স্ক’ৰপিঅ’ গাড়ীখন ডাংদাৰুৰ পৰা চৌণ্ডাৰলৈ গৈ থকা অৱস্থাত য়েনৱান ডাংদাৰুত পুৱা প্ৰায় ১০:৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ পিছতে স্থানীয় বাসিন্দা আৰু অন্যান্য জোৱানৰ সৈতে ডাচন আৰক্ষী থানাৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনত থকা লোকসকলক বিচাৰি উলিয়াই উদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ কৰে।

বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত থকা যাত্ৰীৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই, আনহাতে নিহত লোকসকলক চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে, আৰু দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

--------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande