তামুলপুৰৰ কুমাৰীকাটাত লোমহৰ্ষক ডকাইতি কাণ্ড
তামুলপুৰ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু আৰক্ষীৰ পথৰ তালাচিৰ মাজতেই কালি নিশা তামুলপুৰৰ কুমাৰীকাটাত লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হয়। বাইকত অহা ৪ জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে শূন্যলৈ গুলিবৰ্ষণ কৰাৰ লগতে ৰডেৰে আ
তামুলপুৰৰ কুমাৰীকাটাত লোমহৰ্ষক ডকাইতি কাণ্ড


তামুলপুৰ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু আৰক্ষীৰ পথৰ তালাচিৰ মাজতেই কালি নিশা তামুলপুৰৰ কুমাৰীকাটাত লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হয়। বাইকত অহা ৪ জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে শূন্যলৈ গুলিবৰ্ষণ কৰাৰ লগতে ৰডেৰে আক্ৰমণ চলাই সৃষ্টি কৰে তীব্ৰ সন্ত্ৰাসৰ।

প্ৰাপ্ত তথ্য অনুসৰি কুমাৰীকাটা বজাৰৰ ‘সৰস্বতী জুৱেলাৰী’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খন বন্ধ কৰি দুই ভাতৃ ঘৰলৈ উভতি যোৱাৰ সময়তে বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক লক্ষ্য কৰি লয় আৰু আক্ৰমণ চলায়,যাৰ ফলত তৰুণী সেন দাস, নিত্যানন্দ দাস আৰু বিবেক দাস নামৰ তিনিগৰাকী ব্যক্তি আহত হয়।

ইয়াৰে নিত্যানন্দ দাস গুৰুতৰভাৱে আহত হোৱাত তেওঁৰ লগতে আটাই কেইগৰাকী আহত ব্যক্তিক ততাতৈয়াকৈ ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয়। ডকাইতিৰ দলটোৱে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা বাইকেৰে তীব্ৰ বেগেৰে পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে তামুলপুৰ আৰু কুমাৰীকাটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলজুৰি বৰ্তমান আৰম্ভ কৰিছে তদন্ত লগতে পলাতক ডকাইত দলটোৰ সন্ধানত চলাইছে তীব্ৰ অভিযান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande