
কামৰূপ, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শনিবাৰে ৰঙিয়াতো ৮০ তম স্বাধীনতা দিৱস উদযাপন কৰা হয় । ৰঙিয়া সম জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে ।
সম জিলা আয়ুক্ত গৰাকীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰঙিয়া সম জিলাৰ প্ৰতিটো বিভাগৰ উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমুহৰ এক খতিয়ান দাঙি ধৰে । ইয়াৰ পিছতে সম জিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু ছাত্ৰ-ছাত্ৰী সকলৰ অভিবাদন গ্ৰহণ কৰে । স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন খেল-ধেমালী তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা, সম জিলা আৰক্ষী বিষয়া বিশ্বজিৎ ডেকা, পৌৰপতি অমৰেন্দ্ৰ লহকৰ, ৰঙিয়াৰ বিশিষ্ট নাগৰিক সকল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা