স্বাধীনতা দিৱসৰ দিনাই ৰঙিয়াত প্ৰতিবাদত বহিল ৰাইজৰ দলৰ সদস্য সকল
কামৰূপ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ দিনাই ৰঙিয়াত প্ৰতিবাদত বহিল ৰাইজৰ দলৰ সদস্য সকল । উজনিৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ দাবীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই এই প্ৰতিবাদ দলীয় কৰ্মীৰ । বিধায়ক গ
স্বাধীনতা দিৱসৰ দিনাই ৰঙিয়াত প্ৰতিবাদত বহিল ৰাইজৰ দলৰ সদস্য সকল


কামৰূপ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ দিনাই ৰঙিয়াত প্ৰতিবাদত বহিল ৰাইজৰ দলৰ সদস্য সকল । উজনিৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ দাবীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই এই প্ৰতিবাদ দলীয় কৰ্মীৰ । বিধায়ক গৰাকীৰ সমৰ্থনত উত্তৰ কামৰূপ জিলা ৰাইজৰ দলৰ সদস্য সকলে ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত প্ৰতিবাদত বহে ।

ৰাইজৰ দলৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মনে প্ৰতিবাদৰ মাজতে অভিযোগ কৰে যে এই বান দিছপুৰ সৃষ্ট । কেইগৰাকীমান ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মেঘালয়ৰ অবৈধ কয়লা খননে উজনিৰ জিলা কেই খনলৈ প্ৰলয় মাতি আনিলে । এই ঘটনাৰ উচিত তদন্ত হোৱাটো বৰ জৰুৰী । লগতে প্ৰতিবাদকাৰী সকলে দাবী জনায় যে বানাক্ৰান্ত ৰাইজক পোন্ধৰ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে জিলা কেইখনৰ আন্তঃগাঁথনিৰ যি ক্ষয় ক্ষতি হৈছে তাক অনতিপলমে পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande