
নগাঁও, ১৮ আগষ্ট (হি.স.)। স্বাধীনতা দিৱস উদযাপন কৰি বৃক্ষৰোপণ কাৰ্যসূচী শিঙিমাৰী আঞ্চলিক পৰিবহণ শ্ৰমিক সন্থা আৰু গাওঁৰক্ষী বাহিনীৰ ।
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তত আজি স্বাধীনতা দিৱস উদযাপন কৰি পতাকা উত্তোলন কৰা হয়।
কচুৱাৰ শিঙিমাৰী আঞ্চলিক পৰিবহণ শ্ৰমিক সন্থাই স্বাধীনতা দিৱস উদযাপন কৰি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়।
শিঙিমাৰী আঞ্চলিক পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ৰিংকু নাথ, উপ-সভাপতি বিপ্লৱ ৰয়, গাওঁৰক্ষী বাহিনীৰ সম্পাদক মনিছ ৰয়,অজয় দাস সহ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু