
শ্বোপিয়ান, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ দিনা লস্কৰ-ই-তৈবাৰ শীৰ্ষ সেনাপতি আবিদ ৰমজান শ্বেখৰ পিতৃ-মাতৃয়ে শ্বোপিয়ানত থকা নিজৰ ঘৰৰ ছাদত ত্ৰিৰংগা উত্তোলন কৰি দেশৰ স্বাধীনতা উদযাপন কৰে।
লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আবিদ ৰমজান শ্বেখক নিৰাপত্তাৰক্ষীৰ আটাইতকৈ বিচৰা তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগতে কাশ্মীৰ উপত্যকাৰ বিভিন্ন কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। স্বাধীনতা দিৱসৰ দিনা শ্বোপিয়ানৰ চোটিপোৰাত থকা পূৰ্বপুৰুষৰ ঘৰত পিতৃ-মাতৃয়ে ৰাষ্ট্ৰীয় পতাকা (ত্ৰিৰংগা) উত্তোলন কৰা ঘটনাটো বাতৰিৰ লগতে ছ’চিয়েল মিডিয়াতো চৰ্চাৰ বিষয় হৈ পৰিছে।
নিৰাপত্তা বাহিনীৰ মতে, শ্বেখে পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে আৰু উপত্যকাৰ কেইবাটাও কাণ্ডৰ সৈতে জড়িত হোৱাৰ বাবে নিৰাপত্তাৰক্ষীৰ আটাইতকৈ বাঞ্ছনীয় তালিকাত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া