
লখিমপুৰ ১৫ আগষ্ট (হি.স.):লখিমপুৰ জিলাৰ আপকাৰী বিভাগৰ উপ সংমণ্ডল বিহপুৰীয়াৰ শাখাৰ হাৰমতীস্থ কাৰ্যালয়ৰ বিষয়া -কৰ্ম্মচাৰী মদ ব্যৱসায়ীৰ পৰা মাহেকীয়া হিচাপে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা অস্থায়ী দোকান সমূহে ওৰে নিশা দোকান খুলি চলাই আছে অবৈধ সুৰা।
সপ্তাহিক হিচাপত লয় ধন আপকাৰী বিভাগে ৷ যাৰ বাবে হাৰমতীৰ অলিয়ে গলিয়ে মুকলিকৈ চলি আছে অবৈধ সুৰা ব্যৱসায় । আজি আপকাৰী বিভাগে ধন বিচাৰি যাওঁতেই ৰাইজৰ ৰোষত পৰে। উত্তেজিত ৰাইজৰ সন্মুখত আবোল তাবোল কৈছে আৱকাৰী বিষয়াই।যোৱা নিশা হাৰমতীৰ ১নং পাৰ্ব্বতীপুৰৰ গ্ৰামাঞ্চলৰ পৰা মদ ব্যৱসায়ীৰ পৰা ৩০০০হাজাৰ টকাকে উৎকোচ লবৰ বাবে যাওঁতেই ৰাইজে হাতে-লোতে ধৰি এক হুলস্থলীয়া পৰিৱেশ সৃষ্টি হয়। ঘটনাস্থলীত হাৰমতী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ