
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। আজি পুৱা স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনায়। লালকিল্লাত উপস্থিত হোৱাৰ পূৰ্বে তেওঁৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ পাইছিল তেওঁৰ এই বাৰ্তা। প্ৰধানমন্ত্ৰীয়ে কয়, স্বাধীনতা দিৱসত মোৰ সকলো দেশবাসীলৈ শুভেচ্ছা। এই জাতীয় উৎসৱে আমাক আমাৰ সাহসী সৈনিকসকলৰ মাতৃভূমিৰ প্ৰতি অবিশ্বাস্য সাহস, অক্লান্ত সংগ্ৰাম, আৰু অতুলনীয় সমৰ্পণৰ কথা সোঁৱৰাই দিয়ে। আহক আমি তেওঁলোকৰ আদৰ্শ অনুকৰণ কৰি উন্নত ভাৰতৰ সংকল্প উপলব্ধি কৰোঁ।
লালকিল্লাত অনুষ্ঠিত হৈছে স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান । এই অনুষ্ঠানটোক স্মৰণীয় কৰি তুলিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতি বছৰে কৰা দৰে লালকিল্লাৰ সজ্জাত তিনিবৰণীয়া ফুল ব্যৱহাৰ কৰিছে।
৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত মূল অনুষ্ঠানতো প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দিব। নিজৰ বাসগৃহৰ পৰা ওলাই অহাৰ পিছত ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধলৈ যাব। শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ লালকিল্লাত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ একেৰাহে ত্ৰয়োদশ বাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন কৰিব। ভাষণৰ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পৰামৰ্শ আমন্ত্ৰণ জনাইছিল। লালকিল্লাত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে জাতীয় গীত - বন্দে মাতৰম জাতীয় সংগীত - জন গণ মনৰ আগত গোৱা হ'ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ