শোণিতপুৰৰ বালিপৰাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য কৰ্তাক সম্বৰ্ধনা
শোণিতপুৰ, ১৫ আগষ্ট (হি.স.)। ৮০ তম স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰৰ বালিপৰাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য কৰ্তাক সম্বৰ্ধনা ৰঙাপৰাৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতীয়ে। ৮০ তম স্বাধীনতা দিৱস উপলক্ষে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত
শোণিতপুৰৰ বালিপৰাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য কৰ্তাক সম্বৰ্ধনা


শোণিতপুৰ, ১৫ আগষ্ট (হি.স.)। ৮০ তম স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰৰ বালিপৰাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য কৰ্তাক সম্বৰ্ধনা ৰঙাপৰাৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতীয়ে।

৮০ তম স্বাধীনতা দিৱস উপলক্ষে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাত আজি ভাৰতীয় জনতা পাৰ্টিৰ বালিপৰা মন্ডলৰ উদ্যোগত দলৰ জেষ্ঠ কাৰ্য কৰ্তাক সকলক সম্বৰ্ধনা জনোৱা হয়। বালিপৰা বিজেপি মণ্ডলৰ খেলমাটিস্থিত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সম্বৰ্ধনা সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণ কমল তাঁতীয়ে। বালিপৰা বিজেপি মণ্ডলৰ সভাপতি দ্বীপেন সিনহাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মণ্ডলৰ অন্তৰ্গত বহু কেইগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য কৰ্তাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মণ্ডল প্ৰভাৰী বিৰাজ নাথ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande