
বৰপেটা, ১৫ আগষ্ট (হি.স.)। বৰপেটাৰ মন্দিয়া সমষ্টি ভিত্তিত পতাকা উত্তোলন কাৰ্যসূচীত অঘটন।
বিধায়ক শ্বেৰমান আলী আহমেদে পতাকা উত্তোলনৰ সময়তে হঠাৎ ছিঙি পৰিল ৰাষ্ট্ৰীয় পতাকা।
মন্দিয়া সমষ্টিৰ জনীয়া উচ্চতৰ মাধ্যমিক খেল পথাৰত ৰাজহুৱা ভাৱে অনুস্থিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়তে সংঘটিত হয় এই অঘটন ।
উক্ত ঘটনাক কেন্দ্ৰ কৰি অনুষ্ঠানস্থলীত সৃষ্টি হয় অস্বস্তিকৰ পৰিবেশ।
অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
স্বাধীনতা দিৱসৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানত পতাকা উত্তোলনৰ সময়তে এনে ঘটনা সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা