
বাক্সা, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হয়। কিন্তু এই আনন্দৰ মাজতে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়।
মুছলপুৰৰ পেৰেড গ্ৰাউণ্ডত প্ৰচণ্ড ৰ'দৰ মাজত ছাত্ৰ-ছাত্ৰী সকলে কুচকাৱাজ চলাই থকাৰ সময়তে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী হঠাতে মাটিত ঢলি পৰে।
প্ৰচণ্ড গৰম আৰু দীঘলীয়া পেৰেডৰ বাবেই তেওঁলোক অসুস্থ হৈ পৰে বুলি অনুমান কৰা হৈছে।
তৎক্ষণাত ঘটনাস্থলীত উপস্থিত থকা মেডিকেল টিমে অসুস্থ ছাত্ৰ-ছাত্ৰী সকলক পেৰেড গ্ৰাউণ্ডৰ পৰা আনি অস্থায়ী চিকিৎসা শিবিৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।
গুৰুতৰভাৱে অসুস্থ হোৱা কেইগৰাকীক পিছত মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে চিকিৎসকৰ মতে বৰ্তমান সকলো অসুস্থ ছাত্ৰ-ছাত্ৰীৰ অৱস্থা সংকটমুক্ত আৰু তেওঁলোক সুস্থ হৈ উঠিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা