
বিশ্বনাথ, ১৫ আগষ্ট (হি.স.)। আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলে চৰকাৰৰ অবহেলাত অপমানিত হৱ লগীয়া হৈছে বুলি গহপুৰৰ স্থানীয় ৰাইজে অভিযোগ কৰে । গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থান বৰঙাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তিত ৰঙ কৰা দূৰৰে কথা প্ৰতিমূৰ্তিৰ কাষত বৰষুণ পৰি গজি উঠা ঘাঁহ কেইদাল কাটি চাফচিকুন কৰিবলৈও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ ।
পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল । ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গহপুৰ সম-জিলাত ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ