
দৰং, ১৫ আগষ্ট (হি.স.)।
আজি মঙলদৈত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে।
চিকিৎসালয়ৰ ওপৰত সাংবাদিকে প্ৰশ্ন সোধাৰ লগে লগে খৰ্গহস্ত হৈ পৰে মন্ত্ৰী গৰাকী। মঙলদৈ অসামৰিক চিকিৎসালয়ত স্নায়ু ৰোগৰ চিকিৎসক নথকাৰ বিষয়ে প্ৰশ্ন সুধিছিল সাংবাদিকে।
স্নায়ু বিভাগৰ চিকিৎসক বিচৰাটো অলিক সপোন বুলিহে কয় তেওঁ।
ইয়াৰ বিপৰীতে চিকিৎসক নহ'লেও অসমৰ বিভিন্ন জিলাত কেইবাখনো মেডিকেল কলেজ স্থাপন কৰাটোকে চিকিৎসা খণ্ডৰ উন্নয়ন হোৱা বুলি অভিহিত কৰে অভিভাৱক মন্ত্ৰী গৰাকীয়ে।
উল্লেখযোগ্য যে আজি মঙলদৈৰ কাছাৰী ময়দানত উদযাপিত হোৱা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ লোক সংস্কৃতি দেওধনী নৃত্য আৰু সত্ৰীয়া নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা