
শোণিতপুৰ, ১৫ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ মিছামাৰীত লাভ জেহাদৰ ঘটনা৷ শোণিতপুৰ টৌভঙা মিছিং গাৱৰ এগৰাকী ১৫ বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক এগৰাকী ইছলাম সম্প্ৰদায়ৰ যুৱকৰ৷
ইনামুল আলিৰ সৈতে সঘনাই ফোনত কথাবতৰা হৈছিল কিশোৰী গৰাকীক৷ কালি কিশোৰী গৰাকীক কেৰেলাত বিক্ৰী কৰিবৰ বাবে ইনামুল আৰু তেওৰ বন্ধু আচিফ হকে কিশোৰী গৰাকীক বিয়লিৰ ভাগতে টৌভঙাৰ পৰা আনি মিছামাৰী ৰেলস্টেচনত নিশালৈ আৱদ্ধ কৰি ৰাখে৷ ৰেলযোগে গুৱাহাটীলৈ নি তাৰ পৰা কেৰেলালৈ নি কিশোৰীগৰাকীক বিক্ৰী ৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে ৰাইজে৷ নিশা ১০ মান বজাত মিছামাৰী ৰেলস্টেচনত বজৰং দল উপস্থিত হোৱাত দুয়োজন যুৱক পলাই যায়৷ পিছত কিশোৰী গৰাকীক বজৰং দলৰ সদস্যসকলে মিছামাৰী আৰক্ষীক চমজাই দিয়ে৷ এয়া লাভ জেহাদৰ পৰিনতি বুলি বজৰং দলে দাৱী কৰাৰ লগতে এটা দুস্টচক্ৰই দৰিদ্ৰতাৰ সুযোগ লৈ এইদৰেই বহিঃৰাজ্যত কিশোৰীক বিক্ৰী কৰি অহাৰ অভিযোগ বজৰং দলৰ সদস্য সকলে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা