
বৰপেটা, ১৫ আগষ্ট (হি.স.)। আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা উলহ মালহেৰে উৎযাপন কৰা হয় স্বাধীনতা দিৱস। সমান্তৰালভাৱে কলগাছিয়া ৰাজহ চক্ৰ ভিত্তিত উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস।
পুৱা ৯.০০ বজাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাই। ইয়াৰ পাছতেই ভাষণ প্ৰসংগত চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে চক্ৰ বিষয়া গৰাকীয়ে। অনুষ্ঠানত বৃহত্তৰ কলগাছিয়া অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, এচিচি, ডিডব্লিউ পি চি, এন চি চি আদি সংগঠনৰ কেডাৰ সকলে পেৰেড কৰে। উজনি অসমৰ বানপানীৰ বাবে বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা নাই যদিও স্থানীয় এদল নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি মুখৰিত কৰি তোলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা