খৰ্গেৰ স্বাধীনতা দিৱসত সাংবিধানিক মূল্যবোধ আৰু সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে শনিবাৰে নিজৰ বাসগৃহত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে। এই উপলক্ষে তেওঁ ভাৰতৰ একতা, সততা, সামাজিক ন্যায়, ভাতৃত্ববোধৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰে। খাৰ্গে কয় যে স
स्वतंत्रता दिवस के अवसर पर शनिवार को अपने आधिकारिक आवास पर तिरंगा फहराने के बाद कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे।


स्वतंत्रता दिवस के अवसर पर शनिवार को अपने आधिकारिक आवास पर तिरंगा फहराते कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे।


নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে শনিবাৰে নিজৰ বাসগৃহত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে। এই উপলক্ষে তেওঁ ভাৰতৰ একতা, সততা, সামাজিক ন্যায়, ভাতৃত্ববোধৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰে। খাৰ্গে কয় যে স্বাধীনতা কেৱল ব্ৰিটিছ শাসনৰ পৰা মুক্তি নহয়, সংবিধানে নিশ্চিত কৰা সমতা, সন্মান, ন্যায় আৰু মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটোও।

ত্ৰিৰংগা উত্তোলন কৰাৰ পাছত খৰ্গে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তেওঁ ভাৰতৰ ঐক্য, অখণ্ডতা, সামাজিক ন্যায়, আৰু ভাতৃত্ববোধৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি ত্ৰিৰংগাৰ গৌৰৱক প্ৰণাম জনাইছে।

ইয়াৰ পিছতে স্বাধীনতা দিৱসৰ দিনা কংগ্ৰেছৰ সভাপতিয়ে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে। ইয়াত খৰ্গে সকলো দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় আন্দোলনত প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে বিগত ৭৯ বছৰত ভাৰতৰ যাত্ৰা কৃতিত্ব, সংগ্ৰাম, সংকল্পৰ যাত্ৰা। দেশখনে বহুখিনি সাফল্য লাভ কৰিছে যদিও ৰাষ্ট্ৰ হিচাপে বহুখিনি সাধন বাকী আছে।

খৰ্গে কয় যে তেওঁৰ বাবে স্বাধীনতা কেৱল ব্ৰিটিছ শাসনৰ পৰা মুক্তি নহয়। ই হৈছে সংবিধানে প্ৰদান কৰা অধিকাৰ, যিয়ে প্ৰতিজন ভাৰতীয়ৰ সমতা, সন্মান, ন্যায়, আৰু নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে। তেওঁ কয় যে এয়াই গণতন্ত্ৰৰ সৰ্ববৃহৎ শক্তি আৰু প্ৰতিজন নাগৰিকৰ বাবে আটাইতকৈ শক্তিশালী সুৰক্ষা।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বিগত দশকত সাংবিধানিক মূল্যবোধ, গণতান্ত্ৰিক প্ৰতিষ্ঠান, সামাজিক সম্প্ৰীতি আদিয়ে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ কয় যে যুৱক-যুৱতীসকলৰ সপোন পূৰণ কৰিব লাগিব, কৃষকৰ কঠোৰ পৰিশ্ৰমক সন্মান আৰু ন্যায্যতা প্ৰদান কৰিব লাগিব, আৰু নাৰীক সম অধিকাৰ আৰু সবল অংশগ্ৰহণ প্ৰদান কৰিব লাগিব।

তেওঁ কয় যে সংবিধানত সন্নিৱিষ্ট সমতা আৰু ন্যায় উপভোগ কৰিবলৈ দলিত, জনজাতীয়, পিছপৰা শ্ৰেণী, সংখ্যালঘু, আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক সম্পূৰ্ণৰূপে ক্ষমতা প্ৰদান কৰিব লাগিব।

খৰ্গে কয় যে এই স্বাধীনতা দিৱসৰ আটাইতকৈ ডাঙৰ সংকল্প হৈছে আশা। তেওঁ দেশবাসীক স্বাধীনতা, সংবিধান, গণতান্ত্ৰিক অধিকাৰৰ মূল্যবোধ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande