
যোৰহাট, ১৫ আগষ্ট (হি.স.)। জিলা পৰিবহণ বিভাগৰ উদ্যোগত মণিৰাম দেৱানৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে যোৰহাটতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় দেশৰ এই বিশেষ দিনটো।
ইয়াৰ অংশ হিচাপে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত চিনামৰাস্থিত অসমৰ প্ৰথমগৰাকী স্বাধীনতা সংগ্ৰামী শ্বহীদ মণিৰাম দেৱানৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
যোৰহাট জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াৰ নেতৃত্বত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে মণিৰাম দেৱানৰ সমাধিস্থলীত উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীক স্মৰণ কৰে।
দেশৰ স্বাধীনতাৰ বাবে মণিৰাম দেৱানে আগবঢ়োৱা সাহস, ত্যাগ আৰু অৱদানক স্মৰণ কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত যোৰহাট চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত শ্বহীদ মণিৰাম দেৱানৰ ত্যাগ আৰু দেশপ্ৰেমক স্মৰণ কৰি উপস্থিত সকলোৱে নতুন প্ৰজন্মক দেশৰ প্ৰতি দায়বদ্ধ হোৱাৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু