শোণিতপুৰ জিলাৰ নদুৱাৰত ৮০ তম স্বাধীনতা দিৱস আজি উলহমালহেৰে উদযাপন
শোণিতপুৰ, ১৫ আগষ্ট (হি.স.)। দেশৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে বৃটিছৰ জেক নমাই তিৰংগা উৰুৱাইছিল চতিয়া থানাত৷ বৃটিছৰ পুলিচক খেদি চতিয়া থানা দখলকৰা স্বাধীনতাকামীক স্মৰণ বিধায়ক পদ্মৰ৷ চৰকাৰৰ দ্বাৰা সংৰক্ষণ ঐতিহাসিক চতিয়া থানা৷ দেশৰ অন্যান্য প্ৰান্তৰ
শোণিতপুৰ জিলাৰ নদুৱাৰত ৮০ তম স্বাধীনতা দিৱস আজি উলহমালহেৰে উদযাপন


শোণিতপুৰ, ১৫ আগষ্ট (হি.স.)। দেশৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে বৃটিছৰ জেক নমাই তিৰংগা উৰুৱাইছিল চতিয়া থানাত৷

বৃটিছৰ পুলিচক খেদি চতিয়া থানা দখলকৰা স্বাধীনতাকামীক স্মৰণ বিধায়ক পদ্মৰ৷

চৰকাৰৰ দ্বাৰা সংৰক্ষণ ঐতিহাসিক চতিয়া থানা৷

দেশৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ নদুৱাৰতো ৮০ তম স্বাধীনতা দিৱস আজি উলহমালহেৰে উদযাপন কৰা হয়৷ নদুৱাৰ সমজিলাৰ উদ্যোগত অনুষ্ঠিত এই স্বাধীনতাৰ দিৱসৰ কাৰ্যসুচীত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- দেশৰ ভিতৰতেই পোন প্ৰথমবাৰৰ বাৱে বিটিছৰ ইউনিয়ন জেক নমাই জাতীয় পতাকা উৰুৱা হৈছিল চতিয়া থানাত৷ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই তথা ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া থানাত বৃটিছৰ তিৰংগা নমাই কেনেকৈ জাতীয় পতাকা তোলা হৈছিল,চতিয়া থানাৰ পৰা বগা পুলিচক খেদি কেনেকৈ চতিয়া-জামুগুৰিহাটৰ ৰাইজে চতিয়া থানা দখল কৰিছিল সেই কথা সোঁৱৰণ কৰাৰ লগতে আজিৰ এই পবিত্ৰ দিনটোত সেই স্বাধীনতাকামী সকলৰ ত্যাগক স্মৰণ কৰে বিধায়ক পদ্মই৷ ইতিমধ্যে চতিয়া থানাক সংৰক্ষিত কৰি চৰকাৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ লগতে ৮০তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চতিয়া থানাৰ প্ৰসঙ্গ উত্থাপন কৰাৰ বাৱেও মূখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাক নদুৱাৰ বাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই৷ জামুগুৰি বহাগী মেলা খেল পথাৰত নদুৱাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা এই স্বাধীনতা দিৱসৰ কাৰ্যসুচীৰ পূৱা পতাকা উত্তোলন কৰে সমজিলা আয়ুক্ত মানস কুমাৰ শইকীয়াই৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande