
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰাই ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে শক্তিৰ সাতটা ধাৰা আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ভাৰতে নিজৰ সম্ভাৱনাক স্বীকাৰ কৰি উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত একেলগে আগবাঢ়িব লাগিব। প্ৰথম ধাৰাটো হৈছে উৎপাদন ক্ষমতা বৃদ্ধি কৰা, আনহাতে কৃষি হৈছে দ্বিতীয় ধাৰা। কৃষি অৰ্থনীতি শক্তিশালী কৰা আৰু খাদ্য প্ৰক্ৰিয়াকৰণক প্ৰসাৰিত কৰাত গুৰুত্ব দিয়া হৈছে।
তৃতীয় ধাৰাটো হ’ল প্ৰযুক্তি আৰু উদ্ভাৱন, যিয়ে দেশৰ উন্নয়নক এক নতুন দিশ দিব পাৰে। চতুৰ্থ ধাৰাটো হ'ল গতি শক্তিৰ জৰিয়তে আন্তঃগাঁথনি আৰু সংযোগ শক্তিশালী কৰা। প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাক পঞ্চম ধাৰা হিচাপে বৰ্ণনা কৰা হৈছিল, যিটো প্ৰতিৰক্ষা শক্তিৰ ভেটি। ষষ্ঠ ধাৰা সেউজ অৰ্থনীতিৰ সৈতে জড়িত, আৰু সপ্তম ধাৰা ভাৰতৰ কোমল (ছফ্ট) শক্তিৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীয়ে এই সকলোবোৰ ধাৰাক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।
লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে ডাঙৰ সপোন দেখিছে আৰু নতুন উচ্চতাত উপনীত হ’বলৈ আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে আমি ২০৪৭ চনৰ ভিতৰত দেশখন এখন উন্নত ৰাষ্ট্ৰ হোৱাটো নিশ্চিত কৰিম । তেওঁ কয় যে আমাৰ সপোন আৰু সংকল্প ডাঙৰ হ’ব লাগিব, তেতিয়াহে আমাৰ সম্ভাৱনাই নতুন উচ্চতাত উপনীত হ’ব। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ‘বন্দে মাতৰম’ৰ প্ৰতিধ্বনি শুনা গৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ