ইণ্ডোনেছিয়াত ভূমিকম্পৰ প্ৰভাৱ, কমেও এজনৰ মৃত্যু, কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত
জাকাৰ্টা (ইণ্ডোনেছিয়া), ১৫ আগষ্ট (হি.স.)। ইণ্ডোনেছিয়াৰ ফ্ল’ৰেছ দ্বীপৰ উপকূলত শনিবাৰে পুৱা এক শক্তিশালী ভূমিকম্পৰ ফলত অট্টালিকাৰ ক্ষতিসাধন হয়। শুই থকা লোকসকলে ভূঁইকঁপৰ জোকাৰণিত লৰালৰিকৈ ঘৰৰ পৰা বাহিৰ হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ ত
इंडोनेशिया के ईस्ट नुसा तेंगारा में भूकंप से क्षतिगस्त घर (बाएं)। दाएं भूकंप की दहशत से सुरक्षित स्थान की ओर जाते ग्रामीण। फोटो - इंटरनेट मीडिया


জাকাৰ্টা (ইণ্ডোনেছিয়া), ১৫ আগষ্ট (হি.স.)। ইণ্ডোনেছিয়াৰ ফ্ল’ৰেছ দ্বীপৰ উপকূলত শনিবাৰে পুৱা এক শক্তিশালী ভূমিকম্পৰ ফলত অট্টালিকাৰ ক্ষতিসাধন হয়। শুই থকা লোকসকলে ভূঁইকঁপৰ জোকাৰণিত লৰালৰিকৈ ঘৰৰ পৰা বাহিৰ হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি কমেও এজন লোকৰ মৃত্যু হৈছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত ইষ্ট নুছা টেংগাৰা প্ৰদেশৰ এণ্ডেৰ পৰা প্ৰায় ৬৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে ভূমিকম্পৰ উৎপত্তি হয়। ইয়াৰ পাছত কেইবাটাও কম্পন অনুভৱ কৰা হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সংস্থাই জনোৱা মতে, প্ৰথম অৱস্থাত চুনামীৰ সতৰ্কবাণীৰ আশংকা কৰা হৈছিল, যাৰ ফলত এই সতৰ্কবাণী পিছলৈ উঠাই লোৱা হৈছিল ।

জাকাৰ্টা গ্ল’ব আৰু চিএনএনৰ খবৰ অনুসৰি ইষ্ট নুছা টেংগাৰাৰ ফ্ল’ৰেছ দ্বীপৰ উপকূলত ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই মাংগাৰাই ৰিজেন্সিৰ পশ্চিম চিবিল জিলাৰ লেণ্ডা ভিলেজৰ এটা ঘৰ ধ্বংস কৰে। প্ৰচণ্ড ভূমিকম্পৰ ফলত কেইবাটাও অঞ্চলৰ ঘৰ-দুৱাৰ ক্ষতিসাধন হয়। পূব নুছা টেংগাৰা প্ৰদেশৰ এণ্ডেৰ পৰা প্ৰায় ৬৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে এই ভূমিকম্পৰ কেন্দ্ৰস্থল বুলি জানিব পৰা গৈছে।

ভূমিকম্পৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে পূব নুছা টেংগাৰাৰ ছিক্কা, তালিবুৰা গাঁৱত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা ৭.৭। ভূমিকম্পৰ ফলত কেইবাটাও অঞ্চলৰ ঘৰ-দুৱাৰ আৰু ৰাজহুৱা সা-সুবিধাসমূহৰ ক্ষতিসাধন হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ আৰু ইণ্ডোনেছিয়াৰ বিষয়াসকলৰ মতে, ইণ্ডোনেছিয়াৰ নেশ্যনেল জিঅ’ফিজিকেল এজেন্সীয়ে লগে লগে ছুনামীৰ সতৰ্কবাণী জাৰি কৰে, যিটো পৰৱৰ্তী সময়ত উঠাই লোৱা হয়। মানুহক ওখ ঠাইলৈ যাবলৈ আৰু বিল আৰু উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়া হৈছিল।

ইণ্ডোনেছিয়াৰ এটা প্ৰধান পৰ্যটনস্থলী ফ্ল’ৰেছ দ্বীপ । ইয়াৰ ৰঙীন আগ্নেয়গিৰিৰ হ্ৰদৰ বাবে আৰু কোমোডো ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত। ইয়াৰ জনসংখ্যা প্ৰায় ২০ লাখ মূলতঃ সৰু সৰু গাঁৱত বিয়পি আছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে অট্টালিকা ভাঙিছে, আৰু আতংকিত লোকসকলে দৌৰিছে আৰু চিঞৰিছে। ১৭ হাজাৰৰো অধিক দ্বীপৰ গোট ইণ্ডোনেছিয়া ভূমিকম্পীয় কাৰ্যকলাপৰ বাবে দুৰ্বল। ইণ্ডোনেছিয়াত বিগত সময়ত কেইবাটাও বিধ্বংসী ভূমিকম্পৰ সন্মুখীন হৈছে। ২০০৪ চনত ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপত ৯.১ প্ৰাবল্যৰ ভূমিকম্পত ২ লাখ ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

উল্লেখ্য় যে ২০১৮ চনৰ আগষ্ট মাহত লম্বক দ্বীপত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পত শ শ লোকৰ মৃত্যু হৈছিল। সেই বছৰৰ ছেপ্টেম্বৰ মাহত চুলাৱেছি দ্বীপত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প আৰু ছুনামীৰ ফলত আৰু শ শ লোকৰ মৃত্যু হৈছিল। ২০২২ চনৰ নৱেম্বৰ মাহত পশ্চিম জাভাৰ চিয়ানজুৰ অঞ্চলত ৬.৫ প্ৰাবল্যৰ ভূমিকম্পত শ শ লোকৰ মৃত্যু হৈছিল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande