
হোজাই, ১৫ আগষ্ট (হি.স.)। হোজাইত ৮০ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত কছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা আয়ুক্ত সঞ্জয় দত্তই। অন্যহাতে এআইইউডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে আজমল মৰ্ডান স্কুলত পতাকা উত্তোলন কৰি গণতন্ত্ৰৰ বৃহৎ উৎসৱটো পালন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু