নগাঁৱত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নগাঁও, ১৫ আগষ্ট (হি.স.)। নগাঁৱত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসটি উলহ-মালহেৰে উদযাপন কৰে। স্বাধীনতা দিৱস উপলক্ষে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত নগাঁও জিলা
নগাঁৱত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন


নগাঁও, ১৫ আগষ্ট (হি.স.)। নগাঁৱত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসটি উলহ-মালহেৰে উদযাপন কৰে। স্বাধীনতা দিৱস উপলক্ষে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই।

কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মুক্তি যুঁজাৰু সকলৰ স্বদেশ প্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাষণ প্ৰসংগতে মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়ন মূলক আঁচনি সমূহৰ বিষয়ে চমু খতিয়ান দাঙি ধৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আৰু বহু কেইখন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰা কুছ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande