খানাপাৰাত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন, পতাকা উত্তোলন কৰি কেইবাটাও নতুন ঘোষণাৰে মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীক সম্বোধন
গুৱাহাটী, ১৫ আগষ্ট (হি.স.)। দেশৰ ৮০ তম স্বাধীনতা দিৱসটি আজি সমগ্ৰ দেশজুৰি বিভিন্ন কাৰ্য্যসূচীৰ উলহ মালহেৰে উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাতো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ভাৱে আয়োজিত কৰা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত আজি অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰ
খানাপাৰাত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন, পতাকা উত্তোলন কৰি কেইবাটাও নতুন ঘোষণাৰে মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীক সম্বোধন


গুৱাহাটী, ১৫ আগষ্ট (হি.স.)। দেশৰ ৮০ তম স্বাধীনতা দিৱসটি আজি সমগ্ৰ দেশজুৰি বিভিন্ন কাৰ্য্যসূচীৰ উলহ মালহেৰে উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাতো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ভাৱে আয়োজিত কৰা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত আজি অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড. শৰ্মাই দেশৰ গৌৰৱ তিৰংগা পাতাকা উত্তোলন কৰে আৰু আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি কে ধৰি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কৰা কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।

স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি নিজ ভাষণ প্ৰদান কৰে আৰু কেইবাটাও বৃহৎ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ৫ বছৰত আন্তঃগাঁথনি উন্নয়নত ১.৫ লাখ কোটি, অসম মালা ৪.০ৰ অধীনত ৬,০০০ কিমি পথ উন্নয়ন, নতুন সম-জিলা, যুৱ বিভাগ, খেল মহাৰণ আৰু কৃষকক ১ লাখকৈ টকাৰ ঘোষণা কৰে।

স্বাধীনতা দিৱসৰ দিনটোতে ৰাজ্যবাসীক কেইবাটাও আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে অহা ৫ বছৰত আন্তঃগাঁথনি উন্নয়নৰ বাবে ১.৫ লাখ কোটি ব্যয় কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ‘‘আহি থকা পাঁচটা বছৰ অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। ‘অসম মালা ৪.০’ৰ জৰিয়তে ৬,০০০ কিলোমিটাৰ পথৰ উন্নীতকৰণ কৰা হ’ব, যাৰ ফলত ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে সমগ্ৰ অসমতে উন্নয়নৰ গতি ত্বৰান্বিত হ’ব।’’

উন্নত শাসন ব্যৱস্থাৰ বাবে ৮খন নতুন সম-জিলা গঠন কৰিব অসম চৰকাৰে। সমজিলা কেইখন হ’ব কমলপুৰ, বঢ়মপুৰ, ৰঙানদী, চাবুৱা লাহোৱাল, খুমটাই, বৰখলা, কাটিগড়া, ছিছিবৰ গাঁও। নিজৰ ভাষণত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সুস্থ সমাজৰ বাবে বিশেষভাৱে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠন কৰিব ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে “আমি যুৱ সৱলীকৰণ আৰু উন্নয়নৰ বাবে এটা নতুন বিভাগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই বিভাগৰ অধীনত এন চি চি, এন এছ এছ, নেহৰু যুৱ কেন্দ্ৰ, দক্ষতা বিকাশ, আৰ্থিক সহায় আৰু অসমৰ যুৱক-যুৱতীসকলৰ বাবে বিদ্যমান দক্ষতা বিকাশৰ সুযোগসমূহ একত্ৰিত কৰা হ’ব।”

খেল মহাৰণৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত কৰা হ’ব; কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহক প্ৰতিভা চিনাক্ত কৰি প্ৰতিভাসম্পন্ন খেলুৱৈক আগুৱাই নিবলৈ আহ্বান জনোৱা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয় যে “আমি খেল মহাৰণক কেৱল এক নিয়মীয়া কাৰ্যসূচী হিচাপে সীমাবদ্ধ নাৰাখি, অসমত ক্ৰীড়াৰ সৰ্বাংগীন বিকাশৰ এক শক্তিশালী মঞ্চ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছোঁ।”

নৱেম্বৰৰ পৰা অসমত বাল্যবিবাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে “বাল্যবিবাহে শিশুসকলৰ শৈশৱ, শিক্ষা আৰু সম্ভাৱনাৰ সুযোগ কাঢ়ি নিয়ে। অসমৰ কন্যা আৰু পুত্ৰসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ যুঁজ অধিক দৃঢ় সংকল্পৰে অব্যাহত থাকিব লাগিব।” বাল্যবিবাহৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব আৰু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

উন্নত নগৰ উন্নয়নৰ বাবে এখন নতুন ছেটেলাইট চিটি গঢ় লৈ উঠিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে “মাত্ৰ তিনিটা মাহৰ ভিতৰতে আমাৰ চৰকাৰে অসমৰ ভৱিষ্যৎ অধিক শক্তিশালী কৰাৰ দিশত কেইবাটাও সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে—ব্ৰহ্মপুত্ৰ এলেকা উন্নয়ন পুঁজি পৰিমাণ বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বিমানবন্দৰৰ সমীপত নতুন ছেটেলাইট চিটি গঢ়ি তোলাৰ কাম আগবঢ়াই নিয়ালৈকে, লগতে অসম আৰক্ষীৰ ১১২ জৰুৰীকালীন সেৱাৰ ২৪ ঘণ্টাই বাহন উপলব্ধ থকাৰ ব্যৱস্থাৰে আধুনিকীকৰণ কৰা হৈছে।”

২ অক্টোবৰত বিশেষ কমিটিৰ জৰিয়তে চৰকাৰৰ ১ লাখ জমা হৈ থকা ফাইল নিষ্পত্তিৰ বাবে বিশেষ অভিযান ‘মিছন সদ্ভাৱনা’ আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্ৰহ্মপুত্ৰ উপত্যকাত চাওলুং চুকাফাৰ আগমনৰ ৮০০ বছৰীয়া গৌৰৱময় ক্ষণ আৰু গমধৰ কোঁৱৰৰ বৃটিছ বিৰোধী আন্দোলনৰ ২০০ বছৰীয়া পূৰ্তি উপলক্ষে বৰ্ণাঢ্য উদযাপন কৰা হ’ব বুলি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

কটন বিশ্ববিদ্যালয়ৰ ১২৫ বছৰীয়া গৌৰৱময় যাত্ৰা উদযাপনৰ বাবে প্ৰতিষ্ঠানখনক ১০০ কোটি প্ৰদান কৰা হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসমৰ ১২৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ সৈতে কটন কলেজৰ নাম ওতপ্ৰোতভাৱে জড়িত। এই ঐতিহাসিক মাইলৰ খুঁটি উপলক্ষে কটন কলেজৰ উন্নয়নৰ বাবে ১০০ কোটি টকা আবণ্টন কৰা হৈছে।’’

১,০০০গৰাকী উদ্যমী কৃষকক ১ লাখকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘‘মই শিক্ষিত যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। সেয়েহে, এই বছৰ মুখ্যমন্ত্ৰীৰ কৃষি উৎকৰ্ষ আঁচনিৰ ১,০০০ গৰাকী প্ৰতিশ্ৰুতিশীল আৰু শিক্ষিত কৃষকক সন্মান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিগৰাকী বঁটাপ্ৰাপকক ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। লগতে, আগন্তুক পাঁচ বছৰত ১০,০০০ গৰাকী কৃষকক এই আঁচনিৰ স্বীকৃতি প্ৰদান কৰা হ’ব।’’

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande