





শোণিতপুৰ, ১৫ আগষ্ট (হি.স.) । দেশৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮০ তম্ স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ বাবে ঐতিহাসিক চাৰ্চ ফিল্ডত উপস্থিত হোৱা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰথমে গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে আৰু ইয়াৰ পিছত পেৰেড পৰিদৰ্শন কৰে। পেৰেড পৰিদৰ্শনৰ পিছতেই উপস্থিত সকলোৱে সমস্বৰে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ পৰিৱেশন কৰে।
মাননীয় মন্ত্ৰীগৰাকীয়ে জাতীয় পতাকা উত্তোলন কৰে আৰু লগে লগে ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিৰে সমগ্ৰ খেলপথাৰ মুখৰিত হৈ পৰে।
সমবেত হোৱা ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত মন্ত্ৰী দৈমাৰীয়ে বিদেশী শাসনৰ পৰা দেশৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ কথা স্মৰণ কৰে । লগতে, মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ হিতাৰ্থে কাৰ্যকৰী কৰা বিভিন্ন জনকল্যাণমূলক ধজ্জাবাহী আঁচনি সমূহৰ বিষয়েও বক্তব্য আগবঢ়ায় ৷
আজিৰ চাৰ্চ ফিল্ডৰ কাৰ্যসূচীৰ অংশ হিচাপে সশস্ত্ৰ বাহিনী, এনচিচি কেডেট আদিৰে গঠিত দ'ল সমূহে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে আৰু পেছাদাৰী শাখাত শ্ৰেষ্ঠ স্থান লাভ কৰে সশস্ত্ৰ সীমা বল দলে আৰু অপেচাদাৰী শাখাত মহাবিদ্যালয় পৰ্যায়ত শ্ৰেষ্ঠ স্থান লাভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ পঞ্চম অসম বেটেলিয়ান এন চি চি দলে । একেদৰে বিদ্যালয় পৰ্য্যায়ত প্ৰথম স্থান লাভ কৰে ছেইন্ট যোচেফ কনভেন্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ।
ইয়াৰোপৰি শোণিতপুৰ জিলা প্ৰশাসনৰ অন্তৰ্গত বিভিন্ন বিভাগে প্ৰদৰ্শনীমূলক ভাৱে স্থাপন কৰা ১৪ টা ষ্টল সমূহৰ ভিতৰত প্ৰথম স্থান সমাজ কল্যাণ বিভাগ, দ্বিতীয় স্থান ভূমি সংৰক্ষণ, জলসিঞ্চন আৰু তৃতীয় স্থান শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দখল কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা বিভিন্ন জনগোষ্ঠীয় বাৰেৰহনীয়া নৃত্য পৰিৱেশনেৰে উপস্থিত ৰাইজক আপ্লুত কৰে।
স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অন্তত সকলোৱে সমস্বৰে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগে স্থাপন কৰা প্ৰদৰ্শনীমূলক ষ্টলসমূহৰ লগতে ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা বিভিন্ন অস্ত্ৰ-সস্ত্ৰৰ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।
উল্লেখযোগ্য যে, চাৰ্চ ফিল্ডত উপস্থিত হোৱাৰ পূৰ্বে তেখেতে আয়ুক্তৰ কাৰ্যালয়ত থকা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে ।
উল্লেখযোগ্য যে, দেশৰ ৮০ তম্ স্বাধীনতা দিৱসটি শোণিতপুৰ জিলাৰ চাৰিওখন সম-জিলা – নদুৱাৰ, ঢেকিয়াজুলি, বৰছলা আৰু ৰঙাপৰাত – নিজ নিজ সম-জিলা প্ৰশাসনৰ তত্বাৱধানত সম-জিলা পৰ্যায়ত উদযাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ