

কামৰূপ, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে ডিমৰীয়া সমজিলাত আজি শনিবাৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষ্যত সোণাপুৰস্থিত ক্ষুদ্ৰ ক্ৰীড়াংগত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় | পতাকা উত্তোলন কৰে ডিমৰীয়া সম জিলা আয়ুক্ত কংকন শৰ্মাই।
এই অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসৰ লগতে জিলা তথা আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াৰ উপৰিও ডিমৰীয়াৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । লগত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar