
ওদালগুৰি, ১৫ আগষ্ট (হি.স.): সমগ্ৰ দেশৰ লগতে ওদালগুৰিটো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ওদালগুৰি জিলা আষুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বিটিচিৰ উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলাৰ আষুক্ত পুলক পাটগিৰি, আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা লগতে বহুতো বিশিষ্ট লোক।পতাকা উত্তোলনত আৰক্ষী, এছ,এছ,বি,, বিদ্যালয়, মহাবিদ্যালয়ৰ মুঠ ২৭ টা দলে অংশগ্ৰহণ কৰে । পতাকা উত্তোলন পাছতে বিহু, বাগুৰুম্বাকে ধৰি কেবাটাও সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ