
কোকৰাঝাৰ, ১৫ আগষ্ট (হি.স.): কোকৰাঝাৰত জিলা প্ৰশাসনৰ উদ্যোগত আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয় দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস ।
স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উদযাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । এই উপলক্ষ্যত আৰক্ষী, এনচিচি, স্কাউট এণ্ড গাইড, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰদান কৰি বিটিচি প্ৰশাসনৰ কাম–কাজৰ আলোকপাত কৰে । ভাষণত মহিলাৰীয়ে ওদালগুৰীত মিনি সচিবালয় স্থাপন কৰা, সোণকোষ, বেকী নদীৰ ওপৰত দলং নিৰ্মান কৰা, ঝাৰখণ্ডত বড়োলেণ্ড অতিথিশালা নিৰ্মান কৰাকে ধৰি কৃষি, স্বাস্থ্য, শিক্ষা বিষয়ত অগ্ৰাধিকাৰ দি কাম কৰা হ'ব বুলি ব্যক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ