
ধুবুৰী, ১৫ আগষ্ট (হি.স.)। আজি সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰতো দেশপ্ৰেমৰ জোৱাৰ। আজি গৌৰপুৰ নিয়ন্ত্ৰিত বজাৰ সমিতিৰ উদ্যোগত গৌৰপুৰৰ ৰাষ্ট্ৰীয় কৃষি বজাৰত গৌৰৱেৰে পতকা উত্তোলন কৰা হয়।
ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত ৰাষ্ট্ৰীয় কৃষি বজাৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে গৌৰপুৰ নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে।বজাৰ সমিতিৰ বিষয়ববীয়া, কৃষক, ব্যৱসায়ী আৰু স্থানীয় ৰাইজৰ উপস্থিত পুৱা ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰা হয়। সমগ্ৰ বজাৰ চৌহদ দেশভক্তিৰ গীত আৰু শ্লোগানেৰে মুখৰিত হৈ পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ