বজালীত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
বজালীত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।
বজালীত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন


বৰপেটা, ১৫ আগষ্ট (হি.স.):বজালীত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলন কৰে জিলা আয়ুক্ত প্ৰাৰ্থ প্ৰতীম মজুমদাৰে ।

সমগ্ৰ দেশৰ লগতে আজি বজালীতো উলহ-মালহেৰে পালন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস । বজালী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বজালী জিলা আয়ুক্ত প্ৰাৰ্থ প্ৰতীম মজুমদাৰে । অনুষ্ঠানত আৰক্ষীৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে জিলা আয়ুক্তগৰাকীয়ে । অনুষ্ঠানত বজালী জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ, বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে । বজালীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ এনচিচি দলৰ অংশগ্ৰহণে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande