
চিৰাং, ১৫ আগষ্ট (হি.স.):চিৰাং জিলাৰ বিজনী মহকুমাৰ ক্ৰিয়া সংস্থা খেল পথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।আজি স্বাধীনতা দিৱসৰ অনুষ্ঠাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বোলন আৰু দেশৰ বাবে প্ৰান আহতি দিয়া বীৰজোৱান সকলোক সন্মান জনাই শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে।
বিজনীত বিটিচিৰ কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।বিজনীত বিটিচিৰ কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰী গৰাকী বিজনী বাসী ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি আৰক্ষী, এছএছবি আৰু বিজনীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।বিজনীত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত বিজনী বান্ধব স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।আজিৰ এই ৮০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠাত বিজনী আৰক্ষী বিষয়াৰ লগতে বিজনীৰ বিভিন্ন স্কুল-কলেজৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে পেৰেড পৰিবেশন কৰে লগতে বিজনীৰ বিভিন্ন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য পৰিবেশন কৰে।
আজিৰ এই স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্যঅতিথি হিচাবে উপস্থিত আছিল বিটিচিৰ কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰী লগতে উপস্থিত থাকে বিজনীৰ মহকুমাধিপতি ইমকুম আই ওজুকুম , বিজনীৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, ১৮ নং মানাস সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী , বিজনীৰ পৌৰসভাৰ উপসভাপতি প্ৰসন্ন মুখাৰ্জী আৰু আমন্ত্রিত অতিথি সকল I
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ