
ধুবুৰী, ১৫ আগষ্ট (হি.স.)। চাপৰত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। এগৰাকী স্বাস্থ্য কৰ্মীয়ে সংঘটিত কৰিলে এই কাণ্ড। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নামত চৰম ধৃষ্টতা দেখুৱালে চাপৰৰ আৰেয়াৰঝাৰৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ চিএইছঅ' ফাৰুক আব্দুল্লা। জোতা পিন্ধি ৰাষ্ট্ৰীয় পতাকা উত্তোলন। সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া।
ইতিমধ্য ভাইৰেল হৈ পৰিছে জোতা পিন্ধি ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কৰা ছৱি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ