চৰকাৰে এবছৰত এক কোটি যুৱক-যুৱতীক এআই দক্ষতাৰ প্ৰশিক্ষণ দিবঃ প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ঘোষণা কৰে যে আগন্তুক এবছৰত চৰকাৰে এক কোটি যুৱকক কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) দক্ষতাৰ প্ৰশিক্ষণ দিব। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতীয় যুৱক-যুৱতীসকলক বিশ্বব্য
लालकिले से 80वें स्वतंत्रता दिवस के अवसर देशवासियों को संबोाधित करते प्रधानमंत्री मोदी


নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ঘোষণা কৰে যে আগন্তুক এবছৰত চৰকাৰে এক কোটি যুৱকক কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) দক্ষতাৰ প্ৰশিক্ষণ দিব। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতীয় যুৱক-যুৱতীসকলক বিশ্বব্যাপী এআইৰ ক্ষেত্ৰখনক নেতৃত্ব দিবলৈ প্ৰস্তুত কৰা।

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে “উন্নত ভাৰত”ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত দেশৰ যুৱক-যুৱতীসকলৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে। মোদীয়ে কয় যে আগন্তুক এবছৰত এক কোটি যুৱক-যুৱতীক এআই দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ’ব। তেওঁ লগতে কয় যে যুৱক-যুৱতীসকলক এ আই প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিনামূলীয়া অনলাইন কোচিঙৰ ব্যৱস্থা কৰা হ’ব।

মোদীয়ে কয় যে এই চৰকাৰী পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতীয় যুৱক-যুৱতীসকলক বিশ্বব্যাপী এআইৰ ক্ষেত্ৰখনত নেতৃত্ব দিবলৈ প্ৰস্তুত কৰা। তেওঁ কয় যে আমাৰ লক্ষ্য হ’ব লাগে যে ফৰ্চুন ৫০০ত ৫০টা ভাৰতীয় কোম্পানী অন্তৰ্ভুক্ত কৰা হওক।তেওঁ আৰু কয় যে ভাৰতে সেউজ আন্দোলনক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতত সুস্থিৰ ৰাজনৈতিক আদেশ, সুস্থিৰ চৰকাৰ, সজীৱ গণতন্ত্ৰ, শক্তিশালী ন্যায়িক ব্যৱস্থা, আৰু আমাক পথ প্ৰদৰ্শন কৰা সংবিধান আছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে আমি প্ৰতিৰক্ষা খণ্ডত স্বাৱলম্বী হ’ব লাগিব। তেওঁ জোৰ দি কয় যে আমি পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ সহায় লৈ বিশ্বব্যাপী যোগানকাৰী হ’ব লাগিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে নিজৰ বজাৰ বিশ্বৰ ওচৰত বন্ধ কৰিব নোৱাৰে আৰু গুণগত মানৰ সামগ্ৰী উৎপাদন কৰিব লাগিব।

তেওঁ উল্লেখ কৰে যে বিশ্বই উপলব্ধি কৰিছে যে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ কোনো বিকল্প নাই। ডিজিটেল পাব্লিক টেকন’লজিক আমি বিশ্বৰ প্ৰতিটো কোণত সুলভ কৰি তুলিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে আমাৰ লক্ষ্য হ’ব লাগে ভাৰতত নিৰ্মিত ৬জিক সমগ্ৰ বিশ্বৰ বাবে সুলভ কৰি তোলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে, ডাটা চেণ্টাৰ আৰু লেবৰেটৰী স্থাপন কৰিছে। মোদীয়ে জোৰ দি কয় যে বিশ্বব্যাপী বজাৰসমূহ আমাৰ কৃষকৰ বাবে মুকলি, আৰু ভাৰতীয় কৃষিজাত সামগ্ৰীসমূহ বিশ্বব্যাপী ব্ৰেণ্ড হ’ব লাগিব। তেওঁ জোৰ দি কয় যে গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নালাগে; আমাৰ মন্ত্ৰ হ'ব লাগে গুণগত মান, গুণগত মান, গুণগত মান।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande