বৰপেটাৰ সৰভোগত সংঘটিত পথ দুৰ্ঘটনাত কিশোৰী নিহত
বৰপেটা, ১৫ আগষ্ট (হি.স.)। বৰপেটাৰ সৰভোগত মৰ্মান্তিক ঘটনা | স্কুটীত ৰাষ্ট্ৰীয় পতাকা বান্ধি স্বাধীনতা দিৱসৰ আনন্দ উপভোগৰ বাবে ওলাই আহি দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে | নিহত কিশোৰী গৰাকীক কোকৰাঝাৰৰ চালাকাটিৰ মৌচুমী খাতুন বুলি চিনাক্ত কৰা
বৰপেটাৰ সৰভোগত সংঘটিত পথ দুৰ্ঘটনাত কিশোৰী নিহত


বৰপেটা, ১৫ আগষ্ট (হি.স.)। বৰপেটাৰ সৰভোগত মৰ্মান্তিক ঘটনা |

স্কুটীত ৰাষ্ট্ৰীয় পতাকা বান্ধি স্বাধীনতা দিৱসৰ আনন্দ উপভোগৰ বাবে ওলাই আহি দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে |

নিহত কিশোৰী গৰাকীক কোকৰাঝাৰৰ চালাকাটিৰ মৌচুমী খাতুন বুলি চিনাক্ত কৰা হৈছে ।

বৰপেটা ৰোডৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত এএছ ১৫এবি ৬৩৭৯ নম্বৰৰ তীব্ৰবেগী স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা মাৰে |

ফলত স্কুটী চালক যুৱক এজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে স্কুটী আৰোহী কিশোৰী গৰাকী থিতাতে নিহত হয়।

আহত স্কুটী চালক যুৱক জনক ততাতৈয়াকে সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ লগতে কিশোৰী গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে |

স্বাধীনতা দিৱসৰ দিনটোতে সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিনি ষ্টেডিয়ামৰ সমীপত সংঘটিত দূৰ্ঘটনাত কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande